নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰীৰ আয়ুর্বেদিক কলেজক উৎকর্ষতাৰ কেন্দ্র ৰূপে ঘোষণা

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ গুৱাহাটী চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়ক উৎকর্ষতাৰ কেন্দ্র ৰূপে গঢ় দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছে কেন্দ্রীয় চৰকাৰে৷ শনিবাৰে এই কথা ঘোষণা কৰিলে কেন্দ্রীয় আয়ুস মন্ত্রী সর্বানন্দ সোণোৱালে৷ জালুকবাৰীস্থিত গুৱাহাটী চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়ত আজি এক বিশেষ অনুষ্ঠানত অংশ লোৱাৰ পাছত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে এখন সংবাদ মেলত এই কথা ঘোষণা কৰাৰ লগতে ইয়াৰ বাবে কেন্দ্রীয় চৰকাৰে মহাবিদ্যালয়খনলৈ ১০ কোটি টকা আবণ্টন দিব৷

সর্বানন্দ সোণোৱালে এই সন্দর্ভত জানিবলৈ দি কয় যে শেহতীয়াকৈ আয়ুস মন্ত্রালয়ৰ এক পর্যালোচনা বৈঠকত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আয়ুর্বেদিক মহাবিদ্যালয়খনক আধুনিক ৰূপ দিয়াৰ লগতে ইয়াক ৰাষ্ট্রীয় পর্যায়লৈ নিয়াৰ বাবে এক আহ্বান জনাইছিল৷ উক্ত আহ্বানৰ প্রতি সঁহাৰি জনাই আয়ুস মন্ত্রালয়ে মহাবিদ্যালয়খনক অত্যাধুনিক সা–সুবিধাৰে সু–সজ্জিত কৰাৰ লগতে ইয়াক উৎকর্ষতাৰ কেন্দ্র ৰূপে গঢ় দিয়াৰ সিদ্ধান্ত লয়৷

উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা এই সিদ্ধান্তৰ প্রতিলিপি আজি আনুষ্ঠানিকভাৱে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ হাতত অর্পণ কৰা হয়৷ কেন্দ্রীয় মন্ত্রী সোণোৱালে সংবাদ মেলত উল্লেখ কৰা অনুসৰি আয়ুস মন্ত্রালয়ৰ জৰিয়তে আয়ুর্বেদিক কলেজক আধুনিক সা–সুবিধাৰে আগুৱাই নিয়াই নহয়, ইয়াক ৰাষ্ট্রীয় পর্যায়ত তুলি ধৰাৰ বাবেও এলানি পদক্ষেপ গ্রহণ কৰিব৷

সংবাদ মেলতে তেওঁ আন এক দিশ উত্থাপন কৰি কয় যে উত্তৰ–পূবত আয়ুর্বেদিক চিকিৎসাক আগুৱাই নিয়াৰ লক্ষ্যৰে মন্ত্রালয়ে বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ সেই অনুসৰি উত্তৰ–পূবৰ কোনো ৰাজ্যই যদি আয়ুস মহাবিদ্যালয় স্থাপন কৰিব বিচাৰে, তেন্তে ইয়াৰ বাবে কেন্দ্রীয় চৰকাৰে ৭০ কোটি টকা আগবঢ়াব৷ পূর্বে এনেদৰে মহাবিদ্যালয় স্থাপন কৰাৰ বাবে ৯ কোটি টকাহে দিয়া হৈছিল৷ অৱশ্যে মহাবিদ্যালয়ৰ বাবে ভূমি আবণ্টনৰ দায়িত্ব ৰাজ্য চৰকাৰৰ৷ কেন্দ্রীয় চৰকাৰে কেৱল গৃহনির্মাণ আৰু আচবাবৰ বাবেহে এই ধনৰাশি আবণ্টন দিব৷

সমান্তৰালভাৱে আয়ুস মন্ত্রালয়ে দেশৰ যিসমূহ ৰাজ্যত আয়ুর্বেদিক মহাবিদ্যালয় আছে, তেনে আয়ুর্বেদিক মহাবিদ্যালয়ত যদি স্নাতকোত্তৰ পাঠ্যক্রম আৰম্ভ কৰিব বিচাৰে, তেন্তে ৬ কোটি টকা আগবঢ়োৱা হ’ব৷ উল্লেখ্য যে বিশেষ কার্যসূচীৰে গুৱাহাটীত উপস্থিত হোৱা কেন্দ্রীয় মন্ত্রী সোণোৱালে আজি আয়ুর্বেদিক মহাবিদ্যালয়ত অনুষ্ঠিত ড্রাইভার্ছ এণ্ড ফুলফিলিং কেৰিয়াৰ পথ ইন আয়ুস ছিষ্টেম, এডুকেচন এণ্টাৰপ্রিনিয়ৰশ্বিপ এণ্ড এমপ্লইমেণ্ট ফ’কাচ অন এন ই শীর্ষক এখন সভাতো অংশ লয়৷

সোণোৱালে সংবাদ মেলত এই সভাৰ সবিশেষ দাঙি ধৰি কয় যে আয়ুস মন্ত্রালয়ে আয়ুর্বেদিক চিকিৎসাৰ প্রসাৰ বৃদ্ধি কৰাৰ বাবে বিভিন্ন পদক্ষেপ লৈছে৷ সমান্তৰালভাৱে ইয়াৰ ঔষধসমূহ প্রচলনৰ ক্ষেত্রতো যথেষ্ট সচেতনতা বৃদ্ধি কৰা হৈছে৷ আয়ুর্বেদ চিকিৎসাক আগুৱাই নিয়াৰ লক্ষ্যৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়, ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু আয়ুস মন্ত্রালয়ে একেলগে কাম কৰাৰ সিদ্ধান্ত লৈছে৷ দিনজোৰা কার্যসূচীৰে অনুষ্ঠিত এই সভাত ৰাজ্যৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, উত্তৰ–পূবৰ আয়ুস প্রতিষ্ঠানৰ মুৰব্বীসকলৰ লগতে আয়ুর্বেদিক মহাবিদ্যালয়ৰ অধ্যাপক আৰু গৱেষক ছাত্র–ছাত্রীসকল উপস্থিত থাকে৷

You might also like