নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম গুৱাহাটী সমষ্টিত ৰাইজৰ ৰোষত বিজেপি মিত্রজোঁটৰ প্রার্থী

গোটানগৰত ভোটভিক্ষা কৰিবলৈ গৈ বিপদত ৰমেন্দ্র নাৰায়ণ কলিতা

নিয়মীয়া বার্তা, ২৬ মার্চঃ নির্বাচনী প্রচাৰৰ মাজত ভোটভিক্ষা কৰিবলৈ গৈ এতিয়া পশ্চিম গুৱাহাটী সমষ্টিত তীব্র প্রত্যাহ্বানৰ সন্মুখীন হৈছে বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা৷ বিগত ২৫ বছৰ ধৰি সমষ্টিটোত বিধায়ক হৈ থকাৰ পিছতে ঠায়ে ঠায়ে উন্নয়নমূলক কাম–কাজ কৰাত ব্যর্থ হৈছে বিধায়কগৰাকী, যাৰ বাবে বৃহস্পতিবাৰে নির্বাচনী প্রচাৰ চলাবলৈ গৈ পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তর্গত গোটানগৰৰ বি জি কলনীত এক অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন হয় ৰমেন্দ্র নাৰায়ণ কলিতা৷

প্রথমে বি জি কলনীত নিজৰ নির্বাচনী প্রচাৰৰ ভাষণ আৰম্ভ কৰোঁতেও কলিতাৰ লাগে কেণা৷ নিজৰ সমষ্টি উন্নয়নৰ ফটাঢোল বজাবলৈ আৰম্ভ কৰাৰ লগে লগে বি জি কলনীৰ একাংশ স্থানীয় লোকে ৰমেন্দ্র নাৰায়ণ কলিতাক উভতি ধৰি তেওঁ ক’ত কিমান উন্নয়ন কৰিলে, তাৰ উত্তৰ বিচাৰিলে ৰাইজে৷ ইয়াৰ পিছতে ক্ষুব্ধ ৰাইজে বি জি কলনীৰ ভিতৰত থকা পথ পৰিদর্শন কৰিবলৈ লৈ যায় বিধায়কগৰাকীক৷

বছৰৰ ১২ মাহে পানীৰ তলত আবদ্ধ হৈ থকা এই পথটোৰ দুৰৱস্থাৰ বিৰুদ্ধে বিধায়কগৰাকীক জবাবদিহি কৰে একাংশ উত্তেজিত লোকে৷ আনকি বাৰিষাৰ পূর্বে এই পথছোৱা মেৰামতি নকৰিলে ভোটবর্জনৰো হুংকাৰ দিয়ে স্থানীয় একাংশ লোকে৷ উল্লেখ্য যে উপযুক্ত নলাৰ ব্যৱস্থা নথকাৰ বাবেই বছৰৰ ১২ মাহে পানীৰ তলত আবদ্ধ হৈ থাকে অঞ্চলবাসী৷ ইফালে ৰাইজৰ ৰোষত পৰাৰ পিছতে বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই শীঘ্রে এই পথছোৱা মেৰামতি কৰাৰ আশ্বাস দিয়াৰ লগতে পথত আবদ্ধ হৈ থকা পানী স্থানান্তৰিত কৰাৰ কথা সদৰী কৰে৷

আনহাতে গোটানগৰৰ শিৱ মন্দিৰ, নামঘৰতো প্রচাৰ চলাবলৈ গৈ কেণা লাগে কলিতাৰ৷ নামঘৰত সেৱা লৈ উঠাৰ পিছতে একাংশ মহিলাই তেওঁলোকৰ নামঘৰত কিয় চৰকাৰৰ অনুদান নিদিলে তাৰ প্রশ্ণও কৰে বিধায়কগৰাকীক৷ ৰাইজৰ অভিযোগ, বিধায়কগৰাকীয়ে তেওঁলোকৰ নামঘৰৰ অনুদান কাটি আন এটা নামঘৰত দিলে৷

মুঠতে নির্বাচনী প্রচাৰ চলাবলৈ গৈ এতিয়া সমষ্টিৰ ভিন্ন প্রান্তত তীব্র প্রত্যাহ্বানৰ সন্মুখীন হৈছে ৰমেন্দ্র নাৰায়ণ কলিতা৷ বিধায়কগৰাকীৰ এনে অৱস্থা দেখি বিৰোধী প্রার্থী মীৰা বৰঠাকুৰৰ কটাক্ষ– ‘বিজেপিৰ অক্সিজেন লৈ কোনোমতে জী আছে কলিতা’৷ এইবাৰ কলিতাৰ ২৫ বছৰীয়া অপশাসনৰ অন্ত পৰিব পশ্চিম গুৱাহাটী সমষ্টিত৷

You might also like