নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুক্রেশ্বৰ–বশিষ্ঠ-জনার্দন–বানেশ্বৰ দেৱালয়ত নহয় বোলবমৰ অনুষ্ঠান

 নিয়মীয়া বার্তা, ১৯ জুনঃ বিশ্বত সন্ত্রাস সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ বাবে শুক্রেশ্বৰ দেৱালয়ত জুলাই মাহত অনুষ্ঠিত হ’বলগীয়া বোলবমৰ সকলো কার্যসূচী বাতিল কৰা হৈছে৷ আজি পাণবজাৰস্থিত শুক্রেশ্বৰ দেৱালয় প্রাংগণত অনুষ্ঠিত এখন সংবাদ মেলত মন্দিৰ পৰিচালনা সমিতিৰ কার্যকৰী সভাপতি সুৰেশ চন্দ্র ভট্টাচার্যই এই কথা সদৰী কৰে৷

তেওঁ লগতে কয় যে বোলবমৰ সময়ত শুক্রেশ্বৰ দেৱালয়, বশিষ্ঠ দেৱালয়, জনার্দন দেৱালয় আৰু বানেশ্বৰ দেৱালয়ত যথেষ্ট ভক্তৰ ভিৰ দেখা যায়৷ সেইবাবেই আটাইকেইখন দেৱালয়ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ স’তে হোৱা আলোচনা মর্মে বোলবমৰ সকলো কার্যসূচী বাতিল কৰা হৈছে৷

অসমীয়া শাওণ মাহৰ প্রতিটো দেওবাৰে নিশা বশিষ্ঠৰ পৱিত্র জল আহৰণ কৰি প্রতি সোমবাৰে কাহিলিপুৱাতে শুক্রেশ্বৰ শিৱলিংগত অর্পণ কৰাৰ অর্থে দুই তীর্থ স্থানত হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়৷ এই পৰিপ্রেক্ষিতত ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধ কৰিবলৈ চৰকাৰে বলৱৎ কৰা নিয়মাৱলীসমূহ মানি চলাটো সম্ভৱ নহ’ব৷

বোলবমৰ কার্যসূচী অনুষ্ঠিত হ’লে গণ সংক্রমণ হোৱাৰ আশংকা অধিক বুলি বিবেচিত হৈছে৷ এইক্ষেত্রত সকলো দিশ চালিজাৰি চাই বোলবমৰ সকলো কার্যসূচী বাতিল কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ সংবাদ মেলত সম্পাদক ভূপেশ শর্মা, বানেশ্বৰ দেৱালয়ৰ সম্পাদক প্রাণৱ গোস্বামী, বশিষ্ঠাশ্রম দেৱালয়ৰ সম্পাদক অমিয় শর্মা, জনার্দন দেৱালয়ৰ কুমুদ শর্মা উপস্থিত থাকে৷

You might also like