নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰিপাৰাত ক্রীড়া–শৈক্ষিক পৰিৱেশ বিনষ্ট

তৰুণ সংঘ পুথিভঁৰালৰ খেলপথাৰত অভ্যর্থনাৰ অনুষ্ঠান

নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ মালিগাঁও বৰিপাৰাস্থিত তৰুণ সংঘ পুথিভঁৰালৰ লগতে খেলপথাৰখন একাংশ কর্মকর্তাৰ প্রত্যক্ষ–পৰোক্ষ পৃষ্ঠাপোষকতা, দায়িত্বজ্ঞানহীনতাৰ বাবে ধ্বংসৰ মুখলৈ গতি কৰাত অঞ্চলটোৰ সচেতন লোকসকলে ক্ষোভ প্রকাশ কৰিছে৷ অঞ্চলটোৰ সচেতন নাগৰিকসকলে কৰা অভিযোগ অনুসৰি তৰুণ সংঘ পুথিভঁৰালৰ সভাপতি আৰু সম্পাদকৰ উদ্যোগত এসময়ৰ ঐতিহ্যমণ্ডিত আৰু আছাম ফিল্ড নামেৰে পৰিচিত খেলপথাৰখন সম্প্রতি খেলাধূলাৰ কৰাৰ বাবে অনুপযোগী হৈ পৰিছে৷ বিশেষকৈ কেইটামান টকাৰ কমিছনৰ লোভত খেলপথাৰখনত বিবাহ, মৃতকৰ সকাম, তোলনী বিয়া, বিভিন্ন অভ্যর্থনাৰ অনুষ্ঠান আদি ব্যৱহাৰ কৰিবলৈ দিয়াৰ ফলত মাহেকৰ বেছিভাগ সময় তাত কেৱল পেণ্ডেল, তোৰণ আদিৰ পয়োভৰ হৈ থাকে৷ ফলত খেলা–ধূলাকে ধৰি খেলপথাৰখনত ক্রীডাৰ পৰিৱেশ বিনষ্ট হৈছে৷ সমান্তৰালভাৱে খেলপথাৰখনৰ চৌপাশে থকা ছয়খন চৰকাৰী–বেচৰকাৰী শিক্ষা প্রতিষ্ঠান, বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হৈছে৷

ইফালে পেণ্ডেল বা তোৰণ আঁতৰ কৰাৰ পাছতে তাত ব্যৱহাৰ কৰা গজাল, কাঠ বা বাঁহৰ টুকুৰা আদি খেলপথাৰখনত পৰি থাকে৷ ফলত বহু ছাত্র–ছাত্রী বা সাধাৰণ লোকৰ ভৰিত গজাল বা কাঠ–বাঁহৰ টুকুৰাই আঘাত কৰাৰ বাবে চেপটিকবা ধনুষ্টংকাৰ প্রতিৰোধী বেজী চিকিৎসকৰ ওচৰলৈ গৈ ল’বলগীয়া হৈছে৷ অঞ্চলটোৰ সচেতন নাগৰিকসকলে কৰা আন এক অভিযোগ অনুসৰি বর্তমানৰ পুথিভঁৰালৰ কার্যকৰী কমিটীখনৰ নির্ধাৰিত দুবছৰীয়া কার্যকাল ২০২০ বর্ষৰ জানুৱাৰী মাহত উকলি গৈছে৷ কিন্তু এবছৰ অতিক্রম কৰাৰ পিছতো নতুন সমিতি গঠন কৰাৰ বাবে এইপর্যন্ত সাধাৰণ সভা আহ্বান কৰা হোৱা নাই৷ এই বিষয়টোক লৈও ৰাজহুৱা প্রতিক্রিয়া সৃষ্টি কৰিছে৷ উল্লেখ্য যে স্থানীয় বিধায়ক আৰু মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ তৎপৰতাত ক্রমাৎ পূতিগন্ধময় ৰূপ ধাৰণ কৰা খেলপথাৰখন ২০১০ চনত কেইবালাখ টকা খৰচ কৰি খেলপথাৰখন ক্রীডাৰ উপযোগী কৰি তোলা হৈছিল৷ যাৰ বাবে এইক্ষেত্রত একাংশ সচেতন লোকে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক হস্তক্ষেপ কৰাৰ বাবে আহ্বান জনাইছে৷

You might also like