খানাপাৰা ক’ভিড চেণ্টাৰত অঘটনঃ স্নানৰত যুৱতীৰ ভিডিঅ’ কৰি মাৰ খালে যুৱকে
নিয়মীয়া বার্তা, ৮ অক্টোবৰঃ মহানগৰীৰ খানাপাৰাস্থিত ক’ভিড কেয়াৰ চেণ্টাৰত কালি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ক’ভিড আক্রান্ত এজন বহিঃৰাজ্যৰ যুৱকে খানাপাৰাস্থিত ক’ভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন আন এগৰাকী ক’ভিড আক্রান্ত যুৱতীক অশালীন ব্যৱহাৰ কৰাক লৈ ক’ভিড কেয়াৰ চেণ্টাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷
প্রাপ্ত খবৰ মতে, ক’ভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ থকা যুৱতীগৰাকীয়ে গা ধোৱাৰ সময়তে অস্থায়ী স্নানাগাৰৰ দুৱাৰত ফুটা কৰি যুৱতীগৰাকীৰ গা ধোৱা দৃশ্য ম’বাইল ফোনত ভিডিঅ’ কৰি থকাৰ সময়তে যুৱতীগৰাকীয়ে উমান পাই বিভাগীয় কর্তৃপক্ষক অৱগত কৰে৷
তদুপৰি যুৱতীগৰাকীয়ে ক’ভিড কেয়াৰ চেণ্টাৰতে লম্পট যুৱকজনক উত্তম–মধ্যম শোধায়৷ পাছত আৰক্ষী আৰু চেণ্টাৰত থকা স্বাস্থ্যকর্মীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্রণলৈ আহে৷ অৱশ্যে এই ঘটনা সন্দর্ভত ভুক্তভোগী যুৱতীগৰাকীয়ে এজাহাৰ দাখিল কৰা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷
সম্প্রতি যুৱকজনে খানাপাৰাস্থিত ক’ভিড কেয়াৰ চেণ্টাৰতে চিকিৎসাধীন হৈ আছে৷ উল্লেখ্য যে কিছুদিন পূর্বে শিলিগুৰিৰ যুৱকজনে শ্বিলঙলৈ যোৱাৰ সময়তে ক’ভিড পৰীক্ষা কৰাত যুৱকজনৰ দেহত ক’ভিড–১৯ৰ অৱস্থিতি ধৰা পৰাত তেওঁক খানাপাৰাত ৰখা হৈছিল৷