নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপদসীমাৰ ১৩ চেণ্টিমিটাৰ ওপৰেৰে বৈছে ব্রহ্মপুত্রৰ পানী, ওফন্দি উঠিছে ভৰলু নৈ

নিয়মীয়া বার্তা, ২৮ জুনঃ সমগ্র ৰাজ্যজুৰি ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতেই বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ যোৱা কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ব্রহ্মপুত্রকে ধৰি ইয়াৰ উপনৈসমূহ ফেনে–ফোটোকাৰে ওফন্দি উঠিছে৷ ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে ৰাজ্যৰ বিভিন্ন প্রান্তৰ শ শ কৃষিভূমি প্লাৱিত কৰা পৰিলক্ষিত হৈছে৷ ইয়াৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ ব্রহ্মপুত্রৰ পানী বিপদ সীমাৰ ১৩ চেণ্টিমিটাৰ ওপৰেৰে বৈ আছে৷

কামৰূপ মহানগৰ জিলা প্রশাসনৰ তৰফৰ পৰা ইতিমধ্যে ভৰলুমুখ, ফাঁচীবজাৰ, নুনমাটি, চূণচালিৰ লগতে ব্রহ্মপুত্রৰ দাঁতিকাষৰীয়া অঞ্চলত বসবাস কৰা লোকসকললৈ সতর্কবাণী প্রেৰণ কৰিছে৷ যিকোনো মুহূর্তত ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকাত ব্রহ্মপুত্রৰ দাঁতিকাষৰীয়া অঞ্চলত বসবাস কৰা লোকসকল শংকিত হৈ পৰিছে৷ ইপিনে, মহানগৰীৰ ভৰলু নৈ ওফন্দি উঠাৰ ফলত ভৰলুৰ দুয়োকাষে বসবাস কৰা লোকসকল আতংকিত হৈ পৰিছে৷ যিকোনো সময়ত ভৰলুৰ পানী মহানগৰীত প্রৱেশ কৰাৰ সম্ভাৱনাই দেখা দিছে৷

ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পিছতেই কামৰূপ মহানগৰ জিলা উপায়ুক্তই ৰাইজলৈ সতর্কবাণী প্রেৰণ কৰাৰ উপৰি গুৱাহাটী–উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা আৰু ব্রহ্মপুত্রত নাও চলাচল অহা ৩০ জুনলৈকে বন্ধ ৰাখিছে৷ অৱশ্যে পৰৱর্তী নির্দেশনা জাৰি নকৰালৈকে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে প্রশাসনৰ নির্দেশনা অনুসৰি ব্রহ্মপুত্রত নাও চলাচল সম্পূর্ণৰূপে বন্ধ কৰি দিছে৷ লাচিতঘাট, মহাবীৰ উদ্যান, শংকৰদেৱ উদ্যানকে ধৰি ফাঁচীবজাৰ অঞ্চলত যিকোনো মুহূর্তত ব্রহ্মপুত্রৰ পানী সোমোৱাৰ সম্ভাৱনাই দেখা দিছে৷

সেয়েহে জিলা প্রশাসনে ব্রহ্মপুত্রৰ দাঁতিকাষৰীয়া লোকসকলক সতর্ক হৈ থাকিবলৈ আহ্বান জনাইছে৷ ফেনে–ফোটোকাৰে ওফন্দি উঠা লুইতৰ বাঢ়নী পানীয়ে যাতে কোনো অঘটন সংঘটিত নকৰে তাৰ বাবে মহানগৰ জিলা প্রশাসন, দুর্যোগ প্রশমন বিভাগ আৰু নদী আৰক্ষী সম্পূর্ণ সষ্টম হৈ আছে৷ সাম্ভাব্য যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ নদী আৰক্ষী আৰু দুর্যোগ প্রশমনে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷

You might also like