নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে যিকোনো মুহূর্তত অতিক্রম কৰিব বিপদসীমা

নিয়মীয়া বাৰ্তা,৩০ মেঃ গুৱাহাটী মহানগৰীত ব্রহ্মপুত্রৰ জলস্তৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ যোৱা কেইবাদিন ধৰি ৰাজ্যত নেৰানেপেৰা বৰষুণৰ বাবে ব্রহ্মপুত্রৰ পানী প্রতিঘণ্টাত ১.৫৫ চেণ্টিমিটাৰ অতিক্রম কৰিছে৷ আভ্যন্তৰীণ জল পৰিবহণৰ এক সূত্রই সদৰী কৰা মতে ব্রহ্মপুত্রৰ পানীয়ে যিকোনো সময়ত বিপদ সীমা অতিক্রম কৰাৰ সম্ভাৱনা আছে৷ সেয়েহে কামৰূপ মহানগৰ জিলা প্রশাসনে এক নির্দেশ যোগে ব্রহ্মপুত্রৰ বুকুত তিনিদিনৰ বাবে জাহাজ আৰু নাও চলাচল নিষিদ্ধ ঘোষণা কৰি কালি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ নির্দেশ দিয়ে৷ ব্রহ্মপুত্রৰ পানী ক্রমাৎ বৃদ্ধি পোৱাত ব্যক্তিগত নাৱৰ লগতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ফেৰী সেৱা কালিৰে পৰা অহা ৩১ মে’লৈ বন্ধ ৰাখিছে৷ যদিহে ব্রহ্মপুত্রৰ পানী দ্রুতগতিত বৃদ্ধি পায় তেন্তে যিকোনো ফাঁচীবজাৰৰ আজান পীৰ উদ্যোন আৰু লাচিতঘাটকে ধৰে বিস্তীর্ণ অঞ্চল বুৰ যোৱাৰ সম্ভাৱনা আছে৷ তদুপৰি ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে যিকোনো মুহূর্তত ফাঁচীবজাৰত সোমোৱাৰ আশংকা ব্যক্ত কৰিছে একাংশ লোকে৷

You might also like