বাহন আছে বৰপেটাতঃ জৰিমনা ফাঁচীবজাৰত
নিয়মীয়া বাৰ্তা ২৮ জানুৱাৰীঃ যান–বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷ এই অভিযানৰ অংশ হিচাপে যান–বাহন শাখাৰ আৰক্ষীয়ে আইন উলংঘাকাৰীক জৰিমনা বিহি আহিছে৷ মহানগৰ আৰক্ষীৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ ফলত একাংশ সাধাৰণ জনতাই হাৰাশাস্তি ভুগিব লগা হৈ আহিছে৷ ইয়াৰ অন্যতম উদাহৰণ হৈছে পাণবজাৰ থানাৰ যান–বাহন শাখাৰ আৰক্ষী৷ জৰিমনা সংগ্রহেৰে অভিলেখ সৃষ্টিৰ যুঁজত নামি পৰি পাণবজাৰ থানাৰ যান–বাহন শাখাৰ আৰক্ষীয়ে বৰপেটাত থকা বাহনকো জৰিমনা বিহা কার্যক লৈ সর্বত্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ প্রাপ্ত তথ্য অনুসৰি, যোৱা ২৫ জানুৱাৰীত ফাঁচীবজাৰ ডেনিছ ৰোডত যান–বাহন আইন উলংঘা কৰাৰ অপৰাধত এ এছ–০১ ই ৱাই–৭৪১৪ নম্বৰৰ বাহনখনক জৰিমনা বিহে৷ নিশা বাহনখনৰ গৰাকী দীননাথ কলিতাই ম’বাইল নম্বৰত ফাঁচীবজাৰত জৰিমনা বিহাৰ তথ্য লাভ কৰে৷ ইয়াৰ পিছতে বাহনখনৰ গৰাকী হতচকিত হৈ পৰে৷ কিয়নো পাণবজাৰ আৰক্ষীয়ে জৰিমনা বিহা উক্ত বাহনখন সেইদিনা বৰপেটা ভৱানীপুৰতে আছিল৷ হেৰম্ব কলিতা নামৰ এগৰাকী আৰক্ষী কনিষ্টবলক সাক্ষী হিচাপে লৈ বাহনখনৰ চালক চৈয়দ ছাদ্দাম হুছেইনক যান–বাহন আইন উলংঘা কৰাৰ অপৰাধত ১৭৭ ধাৰাৰ অধীনত জৰিমনা বিহিছিল পাণবজাৰ আৰক্ষীয়ে৷ এই সমগ্র বিষয়টোৰ তদন্ত কৰিবলৈ মহানগৰ আৰক্ষীক আহ্বান জনাইছে ভুক্তভোগী লোকজনে৷