নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎপাদন অনুযায়ী নাই গাখীৰৰ বিক্রী: চন্দ্রপুৰত বিক্রী কৰিব নোৱাৰি পেলাই দিলে গাখীৰ

নিয়মীয়া বার্তা, ২ জুনঃ দেশত  আৰম্ভ হৈছে পঞ্চম পর্যায়ৰ লকডাউন৷ লকডাউনৰ সময়ত বিভিন্ন ক্ষেত্রৰ লগত জড়িত খাটি খোৱা লোকসকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে৷ বহু শ্রমিক কর্মহীন হৈ পৰিয়াল পোহপাল দিয়াত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে৷ লকডাউনৰ সময়ত মহানগৰীৰ পানীখাইতী অঞ্চলৰ গো–পালকসকলৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে৷ কিয়নো মার্চ মাহৰ পৰা আৰম্ভ হোৱা লকডাউন বর্তমানো বলৱৎ হৈ থকাত অঞ্চলটোৰ গো–পালকসকলে উৎপাদন কৰা গাখীৰ বজাৰত বিক্রী কৰিব নোৱৰাৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হ’ব লগা হৈছে৷ ফলত মূৰে–কপালে হাত দিব লগা হৈছে গো–পালকসকলে৷ পানীখাইতী গো–পালক সন্থাৰ সভাপতি ললিত ছেত্রী আৰু সাধাৰণ সম্পাদক নাৰায়ণ পৌড়েলে জানিবলৈ দিয়া মতে পানীখাইতী অঞ্চলৰ পানীখাইতী, লাহাপাৰ, হাতীশিলা, খাংবাৰ আদি অঞ্চলৰ প্রায় ডেৰ শতাধিক পৰিয়ালে গো–পালন কৰি জীৱন নির্বাহ কৰি আছে৷ অঞ্চলটোত প্রতিদিনে প্রায় ৫০০০ লিটাৰ গাখীৰ উৎপাদন হয় যদিও লকডাউনৰ ফলত এক চতুর্থাংশ গাখীৰহে তেওঁলোকে বজাৰত বিক্রী কৰিবলৈ সক্ষম হৈছে৷

ফলত শ শ লিটাৰ গাখীৰ নলা–নর্দমাত পেলাই দিবলৈ বাধ্য হৈছে৷ যাৰ বাবে গো–পালকসকল বৃহৎ লোকচানৰ সন্মুখীন হৈছে৷ লকডাউনৰ বাবে মহানগৰীৰ হোটেল–ৰেস্তোৰাঁ, মিঠাইৰ দোকানসমূহ বন্ধ হৈ থকাৰ ফলত পাইকাৰী ব্যৱসায়ীসকলে অতি কম পৰিমাণৰ গাখীৰহে ক্রয় কৰে গো–পালকৰ পৰা৷ বাকী থকা গাখীৰ বিক্রী কৰাৰ উদ্দেশ্যে গো–পালকৰ পৰিয়ালৰ সদস্যসকলে চাইকেলেৰে গাঁৱে–ভূঞে ঘূৰি ফুৰে যদিও সামান্য পৰিমাণৰ গাখীৰ বিক্রী কৰিবলৈ সক্ষম হয়৷ ইপিনে, পাইকাৰী ব্যৱসায়ীসকলৰ পৰা পাবলগীয়া ধনো দীর্ঘদিন ধৰি আদায় নোপোৱাৰ বাবে গো–ধনৰ বাবে খাদ্যসামগ্রী, প্রয়োজনীয় ঔষধ–পাতি ক্রয় কৰিব পৰা নাই গো–পালকসকলে৷ তদুপৰি বহু গো–পালকে গো–পালনৰ বাবে বেংকৰ পৰা ঋণ লৈছে৷ কিন্তু গাখীৰ বিক্রী কৰিব নোৱৰাত কেনেকৈ বেংকৰ ঋণ পৰিশোধ কৰিব তাক লৈ চিন্তিত হৈ পৰিছে সংশ্লিষ্ট গো–পালকসকল৷

ইফালে, গো–ধনৰ খাদ্যসামগ্রীৰ মূল্যবৃদ্ধিয়েও জুৰুলা কৰিছে এইসকল গো–পালকক৷ গো–পালকসকলৰ এনে দুর্দশাৰ খবৰ ল’বলৈ আহৰি নাই জিলা প্রশাসন কিম্বা ৰাজ্য চৰকাৰৰ৷ যি সময়ত দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সকলোকে আত্মনির্ভৰশীল হ’বলৈ আহ্বান জনাইছে, তেনে সময়ত গাখীৰ উৎপাদনেৰে আর্থিকভাৱে স্বাৱলম্বী হোৱা গো–পালকসকল শেহতীয়া কঠিন পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হৈছে৷ এনে পৰিস্থিতিত ক্ষতিগ্রস্ত গো–পালকসকলক ক্ষতিপূৰণ দিবলৈ চৰকাৰক দাবী জনাইছে পানীখাইতী গো–পালক সন্থাই৷

You might also like