চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপনৰ প্রতিবাদত সর্বাত্মক বন্ধ
নিয়মীয়া বাৰ্তা ৩০ জুনঃ মহানগৰীৰ চন্দ্রপুৰ অঞ্চলত ডাম্পিং গ্রাউণ্ট স্থাপনৰ বিৰোধিতা কৰি চন্দ্রপুৰবাসী ৰাইজে আজিও অব্যাহত ৰাখিছে প্রতিবাদী কার্যসূচী৷ বিগত দুদিন ধৰি ডাম্পিং গ্রাউণ্ডৰ বিৰুদ্ধে চন্দ্রপুৰবাসী ৰাইজে বিভিন্ন প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰি থকাৰ সমান্তৰালকৈ আজি চন্দ্রপুৰবাসী ৰাইজে স্বতঃস্ফূর্তভাৱে দিনজোৰা বন্ধ পালন কৰি প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ আজি পুৱাৰে পৰা বৃহত্তৰ চন্দ্রপুৰ অঞ্চলৰ ব্যৱসায়ী, ট্রেকাৰ চালক আৰু বৃহত্তৰ মেজিক চালক টাটাসকলে নিজে নিজে নিজৰ নিজৰ দোকান, ব্যৱসায়িক প্রতিষ্ঠান আৰু যান–বাহনৰ যাতায়াত চলাচল বন্ধ কৰে৷ যান–বাহন চলাচল বন্ধ হোৱাত স্তব্ধ হৈ পৰে যাতায়াত ব্যৱস্থা৷
ইপিনে, মঙলবাৰে পুনৰ পৌৰ নিগম কর্তৃপক্ষই দুপৰীয়াৰ ভাগত আৰক্ষী অর্ধসামৰিক বাহিনীৰ কটকটীয়া বেষ্টনীৰ মাজত পুনৰ ১২খন বাহনত মহানগৰীৰ জাৱৰ–আৱর্জনা কঢ়িয়াই আনি চন্দ্রপুৰ তাপবিদ্যুৎ প্রকল্পস্থিত ডাম্পিং গ্রাউণ্ডত পেলায়৷ এই সময়তে চন্দ্রপুৰৰ ৰাজপথত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ জানিব পৰা মতে নাৰেংগী–চন্দ্রপুৰ সংযোগী ঘাইপথেৰে যাতায়াত কৰা সর্বসাধাৰণ বাহন চালক জলাকলা খুৱাই পৌৰ নিগমৰ জাৱৰ–আৱর্জনা পেলাবলৈ অহা বাহনসমূহে হাৰাশাস্তি কৰে৷ যাৰ ফলত একাংশ যান–বাহন চালকে জাৱৰ কঢ়িওৱা বাহনসমূহক ৰাজপথত আবদ্ধ কৰে৷
পৰৱর্তী সময়ত আৰক্ষী প্রশাসনে ৰাইজক ধমকি প্রদান কৰি বাহনসমূহ গন্তব্য স্থানলৈ লৈ যায়৷ আৰক্ষী প্রশাসন এক ৰাজ্য চৰকাৰৰ এনে আঁকোৰগোজ মনোভাবক লৈ তীব্র প্রতিক্রিয়াৰো সৃষ্টি হৈছে৷ প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ তথা নৈসর্গিক পৰিৱেশৰে আৱৰা চন্দ্রপুৰ অঞ্চলত এনেদৰে জোৰ–জুলুমকৈ ৰাজ্য চৰকাৰে ডাম্পিং গ্রাউণ্ড স্থাপনক লৈ তীব্র ক্ষোভৰ সৃষ্টি হৈছে প্রকৃতিপ্রেমী ৰাইজৰ মাজত৷ চন্দ্রপুৰ অঞ্চলটোক পর্যটকৰ আকর্ষণস্থলী কৰাৰ লগতে স্ব–নির্ভৰ নাৰী আৰু নির্ভৰ অসম গঢ়াৰ লক্ষ্যৰে কেইবা কোটি টকীয়া এক অভিলাষী আঁচনি ৰূপায়ণ কৰিছে৷ ইয়াৰ পিছতো কিয় ৰাজ্য চৰকাৰে বলপূর্বকভাৱে চন্দ্রপুৰৰ নৈসর্গিক প্রাকৃতিক মনোমোহা পৰিৱেশ বিনষ্ট কৰি ডাম্পিং গ্রাউণ্ড স্থাপন কৰাৰ বাবে চেষ্টা চলাইছে তাকলৈও চৰকাৰখন কার্যত সন্দিহান প্রকাশ কৰিছে ৰাইজে৷