চন্দ্রপুৰৰ উন্নয়নৰ বাবে পদক্ষেপ লোৱাৰ আহ্বান
মুখ্যমন্ত্রীৰ সিদ্ধান্তক আদৰণি ডাম্পিং গ্রাউণ্ডবিৰোধী মঞ্চৰ
নিয়মীয়া বাৰ্তা ১৮ আগষ্টঃ গুৱাহাটীৰ আৱর্জনা আৰু চন্দ্রপুৰৰ ডাম্পিং গ্রাউণ্ডৰ ওপৰত ভিন্ন প্রতিক্রিয়া সৃষ্টি হোৱাৰ পিছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই চন্দ্রপুৰৰ বিকল্প স্থানৰ সন্ধান কৰি ডাম্পিং গ্রাউণ্ড স্থানান্তৰ কৰিব বুলি ঘোষণা কৰে৷ আকৌ তাৰ এদিন পূর্বে মন্ত্রী অশোক সিংহলে সংবাদ মাধ্যমৰ আগত কয় যে চন্দ্রপুৰত মাত্র অস্থায়ীভাৱে আইনী বাধাৰ বাবে আৱর্জনা পেলাবলগীয়া হৈছিল কিন্তু গুৱাহাটী পৌৰ নিগমে ইতিমধ্যে ডাম্পিং গ্রাউণ্ড স্থাপনৰ বাবে নিজাববীয়াকৈ মাটি ক্রয় কৰিছে আৰু সেই স্থানত গুৱাহাটী মহানগৰীৰ আৱর্জনা নিষ্কাশন কেন্দ্র স্থাপন কৰা হ’ব৷ মুখ্যমন্ত্রী আৰু বিভাগীয় মন্ত্রীৰ কথা শুনি এক যোগাত্মক আশা দেখা পাইছে চন্দ্রপুৰবাসীয়ে৷ এতিয়া অঞ্চলবাসীয়ে মুখ্যমন্ত্রীৰ মুখলৈ বাট চাই ৰৈছে৷
মঙলবাৰে এক সংবাদ মেলযোগে চন্দ্রপুৰ ডাম্পিং গ্রাউণ্ডবিৰোধী মঞ্চই মুখ্যমন্ত্রী আৰু বিভাগীয় মন্ত্রীৰ এই বক্তব্যক আদৰণি জনায়৷ সমগ্র অঞ্চলটোৰ জৈৱ–বৈচিত্র্য আৰু জনস্বাস্থ্য ৰক্ষাৰ স্বার্থত বিগত বহুদিন ধৰি সংগ্রাম কৰি আছেছা, লক্ষ্য প্রাপ্তি নোহোৱালৈ সংগ্রাম অব্যাহত ৰাখিম৷ প্রকৃতিয়ে যথেষ্ট প্রাকৃতিক সমল দিছে যাৰ বাবে চন্দ্রপুৰ প্রাকৃতিকভাৱে চহকী অঞ্চল৷ আৱর্জনা পেলোৱা কাম আৰম্ভ কৰিলে এই সম্ভাৱনীয়তা চিৰদিনৰ বাবে ম্লান পৰিব৷ সেয়েহে আমি বিচাৰো ইয়াৰ সংৰক্ষণ আৰু সংবর্ধন৷ চন্দ্রপুৰস্থিত ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ পুনৰুজ্জীৱিত কৰক৷
ইতিমধ্যে ৰাজ্য চৰকাৰৰ শক্তি বিভাগৰ হৈ উদ্যোগ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে ২০২৪ চনৰ আগেয়ে গেছ ভিত্তিত ২৫০ মেগাৱাট শক্তি উৎপাদন কৰিব পৰাকৈ তাপ বিদ্যুৎ প্রকল্প স্থাপন কৰা হ’ব৷ লগতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যোৱা ১৪ আগষ্টত এক সভাত চন্দ্রপুৰত ১২০ কোটি ব্যয় সাপেক্ষে সৰুসজাইৰ দৰে এক ক্রীডা প্রকল্প স্থাপন কৰা হ’ব বুলি ঘোষণা কৰিছে৷ চন্দ্রপুৰ সূতাকলৰ ভূমি উৎপাদনক্ষম কামত ব্যৱহাৰ কৰক লগতে চন্দ্রপুৰ সাৰ কাৰখানাক চৰকাৰী সাহায্য প্রদান কৰি পুনৰ উৎপাদনক্ষম কৰিব লাগে৷
মুখ্যমন্ত্রী এইক্ষেত্রত দৃঢ় পদক্ষেপ গ্রহণ কৰি শীঘ্রে ইয়াক নির্ধাৰিত সময়ৰ ভিতৰত বাস্তৱিকভাৱে কার্যক্ষেত্রত ৰূপান্তৰ কৰি অঞ্চলবাসীক ন্যায্যতা প্রদান কৰিব বুলি সংবাদ মেলত ডাম্পিং গ্রাউণ্ডবিৰোধী মঞ্চই আশা কৰে৷ লগতে চন্দ্রপুৰখনক আধুনিক ৰূপত গঢ় দিবলৈ মুখ্যমন্ত্রীক আহ্বান জনায়৷ আজিৰ সংবাদ মেলত ডাম্পিং গ্রাউণ্ডবিৰোধী মঞ্চ, চন্দ্রপুৰৰ আহ্বায়ক বিষ্ণুৰাম বডো, জগন্নাথ ৰাজবংশী, শিৱ ৰাজবংশী, তাজিৰুদ্দিন আহমেদ, নিতুল কলিতা, প্রাগজ্যোতিষপুৰ নাগৰিক সমিতিৰ সভাপতি নৰেশ্বৰ বসুমতাৰী, চন্দ্রপুৰ আঞ্চলিক ছাত্র সন্থাৰ টুটুমণি কলিতা, সৌৰভ দাস উপস্থিত থাকে৷