নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপনৰ বিৰোধিতাঃ ঠাকুৰকুছিত ৰে’লপথ অৱৰোধেৰে প্রতিবাদ

নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ  চন্দ্রপুৰত অব্যাহত আছে ডাম্পিং গ্রাউণ্ডবিৰোধী প্রতিবাদ৷ বিগত ডেৰ মাহ ধৰি চন্দ্রপুৰৰ ৰাইজে চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপনৰ বিৰোধিতাৰে বিভিন্ন প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰি আহিছে যদিও অসম চৰকাৰে এতিয়ালৈ কোনোধৰণৰ সিদ্ধান্ত প্রদান নকৰাত অধিক ক্ষুব্ধ হৈ পৰে চন্দ্রপুৰবাসী৷

সংবাদ মাধ্যমৰ জৰিয়তে বিকল্প স্থানলৈ স্থানান্তৰৰ কথা উল্লেখ কৰিছে যদিও এতিয়ালৈ কোনোধৰণৰ চৰকাৰী আনুষ্ঠানিক নির্দেশনা নোপোৱাৰ ফলশ্রুতিত দেওবাৰে পুনৰ পুৱাৰ ভাগত চন্দ্রপুৰস্থিত ঠাকুৰকুছি ৰে’ল ষ্টেচনত ডাম্পিং গ্রাউণ্ডবিৰোধী মঞ্চ, চন্দ্রপুৰৰ উদ্যোগত প্রায় পাঁচ শতাধিক পুৰুষ–মহিলাকে ধৰি ছাত্র–ছাত্রীয়ে হাতে হাতে প্লেকার্ড–বেনাৰ আদি লৈ ৰে’লপথ অৱৰোধ কার্যসূচী ৰূপায়ণ কৰে৷ প্রতিবাদকাৰীসকলে ৰে’লপথ অৱৰোধ সফল কৰক, দিল্লী–দিছপুৰ হুঁচিয়াৰ, ডাম্পিং গ্রাউণ্ড বাতিল কৰক, চন্দ্রপুৰৰ জৈৱ–বৈচিত্র্য ধ্বংস নকৰিব, আমাৰ দাবী মানি লওক, অসম চৰকাৰ হায় হায় আদি শ্লোগানেৰে চন্দ্রপুৰৰ আকাশ–বতাহ কঁপাই তোলে৷

প্রথমে পুৱা ৬ বজাত সদৌ কামৰূপ মহানগৰ জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক টুটুমণি কলিতা আৰু প্রাগজ্যোতিষপুৰ জিলা ড্রাইবেল সংঘৰ সম্পাদক ধীৰেন বসুমতাৰীৰ নেতৃত্বত এটা বৃহৎ দলে ঠাকুৰকুছি ৰে’লআলিৰ পিনে ধাৱমান হয়৷ কিন্তু প্রতিবাদকাৰীসকলক্ প্রথম অৱস্থাত ঠাকুৰকুছি ৰে’ল ষ্টেচনলৈ যোৱা মূল পথত বাধা প্রদান কৰে আৰক্ষী–প্রশাসনে৷ ইয়াৰ পিছতেই বৃহত্তৰ চন্দ্রপুৰ অঞ্চলৰ শ শ প্রতিবাদকাৰী আন বিকল্প পথেৰে ষ্টেচনৰ ফালে ধাৱমান হৈ ষ্টেচনটোৰ তিনিওটা ৰে’ল লাইনত বেনাৰ, প্লেকার্ড, ফেষ্টুন আদি লৈ চৰকাৰ আৰু প্রশাসনবিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে ষ্টেচন চৌহদ৷ কিন্তু দেওবাৰে কাহিলিপুৱাৰে পৰা সষ্টম হৈ থকা আৰক্ষী আৰু অর্ধ–সামৰিক বাহিনীয়ে প্রতিবাদকাৰীসকলক ৰে’লপথৰ পৰা বলপূর্বকভাৱে ঠেলি–হেঁচি আঁতৰাই পঠিয়াবলৈ চেষ্টা কৰে, যাক কেন্দ্র কৰি প্রতিবাদকাৰী আৰু আৰক্ষীৰ মাজত কিছু যুক্তিতর্ক হোৱাও পৰিলক্ষিত হয়৷

প্রতিবাদকাৰীসকলক প্রথম অৱস্থাত ৰে’লআলিৰ পৰা আঁতৰাই পঠিয়ায় যদিও প্রতিবাদকাৰীসকলে প্রতিবাদ অব্যাহত ৰখাত শতাধিক প্রতিবাদকাৰীক আৰক্ষীয়ে নুনমাটি থানালৈ আটক কৰি লৈ যায়৷ কিন্তু প্রতিবাদকাৰীসকলে যিহেতু কেইবাটাও দলত বিভক্ত হৈ ৰে’লপথৰ বিভিন্ন স্থানত ৰে’ল অৱৰোধৰ বাবে খাপপিটি আছিল৷ ফলত কিছু পলমকৈ ইয়াৰে এটা দলে ঠাকুৰকুছি ৰে’ল ষ্টেচনৰ কিছু আগত ডিগাৰু কাটিঙত উজনিমুৱা মালবাহী ৰে’ল এখন আবদ্ধ কৰিবলৈ সক্ষম হয় আৰু আবদ্ধ কৰা মালবাহী ৰে’লখনৰ সন্মুখত বেনাৰ আদি লৈ প্রতিবাদ সাব্যস্ত কৰে৷

অৱশ্যে বহু পলমকৈ আৰক্ষীৰ লোকে ৰে’ল অৱৰোধ কৰা খবৰ পাই আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ প্রতিবাদকাৰীসকলক্ ছত্রভংগ দিয়ায়৷ কিন্তু ইমানতো প্রতিবাদকাৰীসকলে ক্ষান্ত নাথাকি চন্দ্রপুৰ শ্বহীদ বেদী প্রাংগণত প্রায় তিনি ঘণ্টা ধৰি অৱস্থান কৰি প্রতিবাদ সাব্যস্ত কৰে৷ পিছত দিনৰ ভাগত নুনমাটি থানাত আটক কৰি ৰখা প্রতিবাদকাৰীসকলক মুকলি কৰি দিয়ে৷

লক্ষণীয়ভাৱে উল্লেখ কৰিব পাৰি যে পুৱা ৬ বজাৰ পৰা ৰে’লপথত এনেকৈ প্রতিবাদ কৰি থকাৰ ফলত কেইবাখনো যাত্রীবাহী লগতে মালবাহী ট্ৰেইন বিভিন্ন ষ্টেচনত বহু সময় আবদ্ধ হৈ থাকিবলগীয়া হয়৷

You might also like