নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ আগন্তুক তিৱা স্বায়ত্ত পৰিষদৰ সাধাৰণ নির্বাচন অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব৷ তাক লৈ বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্রচাৰ অভিযান আৰম্ভ কৰিছে৷ কিন্তু কামৰূপ মহানগৰ জিলাৰ ছটা সমষ্টিত তিৱা জনগোষ্ঠীৰ লোক বসবাস নকৰা গাঁও অন্তর্ভুক্ত কৰি নির্বাচন অনুষ্ঠিত কৰাক লৈ ডিমৰীয়া আৰু চন্দ্রপুৰৰ বিভিন্ন দল–সংগঠনে বিভিন্ন প্রতিবাদ সাব্যস্ত কৰি এই অঞ্চলসমূহত নির্বাচনবাতিল কৰিবলৈ দাবী উত্থাপন কৰিছে৷ আজি চন্দ্রপুৰতো চন্দ্রপুৰ আঞ্চলিক ছাত্র সন্থা আৰু বিভিন্ন সংগঠন আৰু সংশ্লিষ্ট গাঁও সভাসমূহৰ নেতা–কর্মীৰ উপস্থিতিত চন্দ্রপুৰ হাইস্কুল খেলপথাৰত এক ৰাজহুৱা প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদস্থলীত সমৱেত ৰাইজক উদ্দেশ্যেবক্তব্য আগবঢ়াই প্রতিগৰাকী ব্যক্তিয়ে অতি স্পষ্টভাৱে কয় যে তিৱা জনজাতিৰ লোক নথকা চন্দ্রপুৰ গাঁওসমূহৰ ৰাইজে কোনো কাৰণতে নির্বাচন অনুষ্ঠিত কৰিবলৈ নিদিয়ে আৰু ৰাইজে ভোট বর্জন কৰি প্রতিবাদ সাব্যস্ত কৰিব৷ ইপিনে এক বিবৃতিত চন্দ্রপুৰ আঞ্চলিক ছাত্র সন্থাই কয় যে ৰাজহুৱা প্রতিবাদত অংশগ্রহণ কৰা ৰাইজক শ্রদ্ধা জনাই ৰাইজে দিয়া আহ্বানমর্মে যদি অসম চৰকাৰে স্থানীয় ৰাইজৰ লগত আলোচনা কৰি অহা ১২ ডিচেম্বৰৰ আগত নির্বাচন বাতিল নকৰে, তেন্তে অহা ১৩ ডিচেম্বৰৰ পৰা ৰাইজৰ হৈ পুনৰ প্রতিবাদ কার্যসূচী অবিৰতভাৱে গ্রহণ কৰিব আৰু যিকোনো প্রকাৰে নির্বাচন বাতিল কৰোৱাৰ বাবে চৰকাৰক বাধ্য কৰাব৷ যদি এইক্ষেত্রত কিবা অপ্রীতিকৰ ঘটনা সংঘটিত হয়, তেন্তে তাৰ বাবে চৰকাৰ আৰু জিলা প্রশাসন দায়ী হ’ব৷ আজিৰ ৰাজহুৱা প্রতিবাদী কার্যসূচীত সদৌ কামৰূপ মহানগৰ জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক টুটুমণি কলিতা, প্রাগজ্যোতিষপুৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি বিষ্ণুৰাম বডো, নির্যাতিত ছাত্রনেতা দিবাকৰ কলিতা, প্রাক্তন ছাত্রনেতা শিৱ ৰাজবংশী, বিজু কলিতা, তাঁতিমাৰা গাঁও সভাৰ সভাপতি অৱনী মোহন কলিতা, হাংজবডি গাঁও কল্যাণ সমিতিৰ প্রসন্ন দৈমাৰী, জ্যেষ্ঠ নাগৰিক দেৱেন চন্দ্র কলিতা, থানেশ্বৰ কলিতা, চন্দ্রপুৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি নিতুল কলিতা, সাধাৰণ সম্পাদক সৌৰভ দাস, সদৌ কামৰূপ মহানগৰ জিলা ছাত্র সন্থাৰ সহঃসাধাৰণ সম্পাদক বিপজ্যোতি মালাকৰ, শিক্ষা সম্পাদক মৃদুল কুমাৰ দাস আদি কৰি ভালেমান পুৰুষ–মহিলা, যুৱক–যুৱতী উপস্থিত থাকে৷