চন্দ্রপুৰত জ্যেষ্ঠ নাগৰিকৰ অৱস্থান ধর্মঘট
নিয়মীয়া বাৰ্তা ৮ জুলাইঃ গুৱাহাটী পৌৰ নিগমৰ ডাম্পিং গ্রাউণ্ড স্থানান্তৰৰ সিদ্ধান্ত বাতিলৰ দাবীত চন্দ্রপুৰত আজিও অব্যাহত আছে তীব্র প্রতিবাদ৷ চন্দ্রপুৰ বেংক তিনিআলিত আজি দিনৰ ১১ বজাৰ পৰা ১ বজালৈ জ্যেষ্ঠ নাগৰিকসকলে দুঘণ্টীয়া অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰে৷ প্রতিবাদকাৰীসকলে হাতে হাতে ডাম্পিং গ্রাউণ্ড বাতিল কৰক, চন্দ্রপুৰক ডাষ্টবিন নসজাব, চন্দ্রপুৰ ডাম্পিং গ্রাউণ্ড নহয়, জি এম চি হায় হায়, অসম চৰকাৰ হায় হায়, চন্দ্রপুৰৰ মৃত উদ্যোগসমূহ পুনৰুজ্জীৱিত কৰক, চন্দ্রপুৰক পর্যটন নগৰী হিচাপে গঢ় দিয়ক আদি প্লেকার্ড লৈ বিভিন্ন শ্লোগানেৰে চন্দ্রপুৰৰ আকাশ–বতাহ কঁপাই তোলে৷ প্রতিবাদস্থলীত অংশগ্রহণ কৰি পানীখাইতীৰ কমলেশ্বৰ কলিতাই স্থানীয় বিধায়কগৰাকীৰ নির্লিপ্ততাক তীব্র ভাষাৰে ধিক্কাৰ দিছে৷
অৱসৰপ্রাপ্ত শিক্ষক খগেন্দ্র নাথ দাসে কয় যে চন্দ্রপুৰৰ প্রাকৃতিক পৰিৱেশ বিনষ্ট কৰি যাতে অসম চৰকাৰে কোনো কাৰণতে ডাম্পিং গ্রাউণ্ড স্থাপন কৰিব নোৱাৰে তাৰ বাবে এই আন্দোলন ধাৰাবাহিকভাৱে অব্যাহত ৰাখিব লাগিব৷ উপেন্দ্রনাথ দৈমাৰীয়ে কয় যে ব্রহ্মপুত্র–খাল, ডিগাৰু আৰু আমচাং সংৰক্ষিত বনাঞ্চলৰে আৱৰি থকা চন্দ্রপুৰখনক চৰকাৰে চাব জনা নাই, সেয়েহে ইয়াক আৱর্জনা পেলোৱা স্থানলৈ পর্যবসিত কৰিছে৷ অসম চৰকাৰৰ মুখ্যমন্ত্রীয়ে আহি এবাৰ চন্দ্রপুৰ পৰিভ্রমণ কৰি ৰাইজৰ মতামত লোৱাৰ আহ্বান জনায়৷
অৱস্থান কার্যসূচীত অংশগ্রহণ কৰে প্রাগজ্যোতিষপুৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি বিষ্ণুৰাম বডো, কার্যকাৰী সভাপতি জগন্নাথ ৰাজবংশী, জ্যেষ্ঠ ব্যক্তি থানেশ্বৰ কলিতা, কমলেশ্বৰ ৰাজবংশী, অৱসৰপ্রাপ্ত শিক্ষক খগেন্দ্র নাথ দাস, ভবেন্দ্র নাথ ডেকা, অৱনী মোহন কলিতা, পৰেশ চন্দ্র কলিতা, অৱসৰপ্রাপ্ত কর্মচাৰী শৰৎ কলিতা, গিৰীণ তালুকদাৰ, নৰেশ্বৰ বসুমতাৰী, যোগেন কাকতি প্রমুখ্যে ভালেমান জ্যেষ্ঠ নাগৰিকে৷ আজি জ্যেষ্ঠ নাগৰিকসকলৰ প্রতিবাদ চলি থকাৰ মাজতে হঠাৎ ৫২নং দিছপুৰ সমষ্টিৰ প্রাক্তন বিধায়ক তথা অসম চৰকাৰৰ প্রাক্তন মন্ত্রী অকণ বৰা আহি প্রতিবাদকাৰীৰ খবৰ লয় আৰু ডাম্পিং গ্রাউণ্ডবিৰোধী মঞ্চৰ চন্দ্রপুৰৰ ডাম্পিং গ্রাউণ্ডবিৰোধী স্থিতিক নৈতিকভাৱে সমর্থন জনায়৷