নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রেমত প্রতাৰণা: প্রেমিকসহ পিতৃক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ প্রেমত প্রতাৰণা কৰাৰ অভিযোগত নুনমাটি থানাই ভণ্ড প্রেমিকসহ পিতৃক গ্রেপ্তাৰ কৰা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে নাৰেংগীৰ মানসজ্যোতি ডেকা নামৰ এজন যুৱকে বিগত কেইবাবছৰ ধৰি মুকালমুৱাৰ আদাবাৰীৰ এগৰাকী যুৱতীৰে প্রেমৰ সম্পর্ক ৰক্ষা কৰি আহিছিল৷ নাৰেংগীৰ ফৰেষ্টগেটৰ মানসে যুৱতীগৰাকীৰ সৈতে আইনগত বিবাহৰ বাবে এমাহ পূর্বে আবেদন জনাইছিল৷ কিন্তু যোৱা ২৫ ডিচেম্বৰত মানসে যুৱতীগৰাকীক ঘৰৰ অমতত পলুৱাই আনি ফৰেষ্টগেটৰ বাসভৱনলৈ আহে৷

ইয়াৰ পিছতে মানসৰ পিতৃ গোবিন্দ ডেকা আৰু মাতৃ মামণি ডেকাই যুৱতীগৰাকীক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলায়৷ ইফালে, হঠাৎ যুৱতীগৰাকী নিৰুদ্দেশ হোৱাত পৰিয়ালৰ লোক ফৰেষ্টগেটৰ মানসৰ ঘৰত আহি উপস্থিত হয়৷ পৰিয়ালৰ লোকে মানসৰ ঘৰত যুৱতীগৰাকীক শাৰীৰিক আৰু মানসিক অত্যচাৰ কৰা অৱস্থাত প্রত্যক্ষ কৰি নুনমাটি থানাত এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত নুনমাটি থানাত এটা গোচৰ ৰুজু কৰি অভিযুক্ত ভণ্ড প্রেমিক মানস ডেকা আৰু পিতৃ গোবিন্দ ডেকাক গ্রেপ্তাৰ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷

You might also like