‘সমাজৰ বাবে মানুহে ত্যাগৰ মনোভাবেৰে কাম কৰিব লাগিব’
চিন্ময়া মিছনৰ বার্ষিক অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল
নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কালি চিন্ময়া মিছন গুৱাহাটীৰ বার্ষিক দিৱসত অংশগ্রহণ কৰে৷ অনুষ্ঠানত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে সমাজৰ কল্যাণৰ বাবে মানুহে ত্যাগ আৰু উৎসর্গিত মনোভাবেৰে কাম কৰিব লাগিব৷ মানসম্পন্ন জীৱন ধাৰণৰ বাবে আধ্যাত্মিক জীৱন বোধৰ মাধ্যমেৰে জীৱনৰ সৌন্দর্য আৱিষ্কাৰ কৰিব লাগিব৷ চিন্ময়া মিছনে কেৱল ভাৰতবর্ষতে নহয় সমগ্র বিশ্ব মানৱক আধ্যাত্মিক দিশেৰে আগুৱাই নিয়াৰ বাবে প্রয়াস চলাই আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে জীৱনৰ মূল্যবোধ বুজি উঠি মনৰ পৰা কুভাৱ আৰু কুসংস্কাৰ আঁতৰোৱাৰ বাবে প্রয়াস কৰিব লাগিব৷ মানৱ জাতিয়ে অন্তর্নিহিত শক্তি আৱিষ্কাৰ কৰিবলৈ আধ্যাত্মিক জ্ঞানৰ সহায় ল’ব লাগিব৷ মানুহে জীৱন যাত্রাৰ পথ মানৱীয় মূল্যবোধেৰে আগুৱাই নিব লাগিব৷ অসমে সমন্বয় আৰু ভাতৃত্ববোধৰ পৰিৱেশ নির্মাণৰ বাবে কাম কৰি আহিছে৷ চিন্ময়া মিছনে গুৱাহাটীত স্থাপন কৰিব বিচৰা শিক্ষা প্রতিষ্ঠানৰ বাবে ভূমি প্রদানৰ বিষয়টো ৰাজ্য চৰকাৰে ইতিবাচক দৃষ্টিভংগীৰে গ্রহণ কৰিব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ চিন্ময়া মিছন গুৱাহাটীৰ সভাপতি অমিত জৈনে আদৰণী ভাষণ প্রদান কৰা এই অনুষ্ঠানত চিন্ময়া মিছন চেন্নাইৰ তত্বাৱধায়ক স্বামী মিত্রনন্দজীয়ে ভাষণ দি চিন্ময়া মিছনে গ্রহণ কৰি অহা পদক্ষেপৰ বিষয়ে আলোকপাত কৰে৷ এই অনুষ্ঠানত চিন্ময়া মিছন গুৱাহাটীৰ আধ্যাত্মিক বিষয়ৰ মুৰব্বী অনন্যা চৈতন্য, সচিব মনোৰঞ্জন ৰথ প্রমুখ্যে অন্যান্য গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে৷