নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খ্রীষ্টানবস্তিত অগ্ণিদগ্ধ বোৱাৰীৰ মৃত্যু, গ্রেপ্তাৰ স্বামী

নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে গুৱাহাটী মহানগৰীতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে যৌতুকজনিত নাৰী নির্যাতনৰ ঘটনা৷ স্বামী পৰিয়ালৰ নির্যাতনৰ বলি হৈ অকালতে মৃত্যুক সাবটি ল’বলগীয়া ঘটনা প্রায়ে সংঘটিত হ’বলৈ ধৰিছে৷ ৰাজ্যৰ অন্যান্য প্রান্ত দূৰৰে কথা, খোদ গুৱাহাটী মহানগৰীতে স্বামী পৰিয়ালৰ নির্যাতনৰ বলি হৈ এগৰাকী বোৱাৰী ৰহস্যজনকভাৱে অগ্ণিদগ্ধ হোৱা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্রাপ্ত তথ্য অনুসৰি, কালি নিশা খ্রীষ্টানবস্তিৰ নিজ বাসগৃহত ৰহস্যজনকভাৱে অগ্ণিদগ্ধ হয় নিকিতা আগৰৱালা খেমকা নামৰ এগৰাকী বোৱাৰী৷ দীর্ঘদিন ধৰি স্বামীগৃহৰ নির্যাতনৰ বলি হৈ অহা নিকিতাক কালি নিজ বাসগৃহৰ ভিতৰতে অগ্ণিদগ্ধ অৱস্থাত উদ্ধাৰ কৰা হয়৷ অগ্ণিদগ্ধ নিকিতাক উদ্ধাৰ কৰি স্বামী কৌশিক খেমকাই ততাতৈয়াকৈ নেমকেয়াৰ হাস্পতালত ভর্তি কৰায়৷

শুকুৰবাৰে বিয়লি প্রায় ৪ বজাত অগ্ণিদগ্ধ নিকিতাৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় বুলি নেমকেয়াৰৰ ডাঃ বি পি শর্মাই জানিবলৈ দিছে৷ নিকিতাৰ পিতৃৰ এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে স্বামী কৌশিক খেমকাক গ্রেপ্তাৰ কৰে৷ নিকিতাৰ পিতৃৰ অভিযোগ অনুসৰি, ২০১৮ চনত কৌশিক খেমকা নামৰ ব্যৱসায়ীগৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছৰে পৰা কৌশিকৰ পৰিয়ালে নিকিতাক শাৰীৰিক আৰু মানসিকভাৱে নির্যাতন চলাই আহিছিল৷ স্বামী পৰিয়ালৰ নির্যাতনৰ বলি হোৱা নিকিতাক কৌশিকৰ পৰিয়ালে হত্যা কৰা বুলিও নিকিতাৰ পিতৃয়ে অভিযোগ উত্থাপন কৰিছে৷ দিছপুৰ আৰক্ষীয়ে নিকিতাৰ স্বামী কৌশিক খেমকাক গ্রেপ্তাৰ কৰিছে৷ আজি অভিযুক্ত কৌশিক খেমকাক আৰক্ষীয়ে আদালতত হাজিৰ কৰি তিনি দিনৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে৷ কিন্তু সমগ্র ঘটনা সন্দর্ভত আৰক্ষীয়ে ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰা বিষয়টোক লৈ সর্বত্র চর্চা চলিছে৷

You might also like