নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্ধ হ’ল মহানগৰীৰ ৫টাকৈ ছবিগৃহ

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ ক’ৰোনা মহামাৰী ৰোধৰ বাবে ঘোষণা কৰা লকডাউনৰ পৰিপ্রেক্ষিতত দেশৰ অর্থনীতিত বিৰূপ প্রভাৱ পৰিছে ৷ বিগত ১০ মাহ ধৰি চলচ্চিত্র গৃহসমূহ বন্ধ হৈ থকাত ব্যৱসায়ীসকলে পৰিশোধ কৰিব পৰা নাই বিদ্যুতৰ মাচুল৷ অনাদায় বিদ্যুতৰ মাচুল পৰিশোধ কৰিব নোৱাৰি ছবিগৃহ বন্ধৰ সিদ্ধান্ত লৈছে বহুকেইজন ছবিগৃহৰ স্বত্বাধিকাৰীয়ে৷

লকডাউনৰ বাবেই বন্ধ হ’ল গুৱাহাটীৰ পাঁচটাকৈ ছবিগৃহ  ৷ সদৌ অসম চলচ্চিত্র গৃহৰ মালিক সন্থাৰ সভাপতি চিন্ময় শর্মাই জানিবলৈ দিয়া মতে মহানগৰীৰ নুনমাটিস্থিত বন্দনা চিনেমা হল, পল্টনবজাৰৰ অপ্সৰা, মেঘদূত, ফাঁচীবজাৰৰ উর্বশী আৰু ছয়গাঁৱৰ ছিলভাৰ স্ক্রীন চিনেমা হল বন্ধ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে মালিক পক্ষই৷

ইতিমধ্যে বন্দনা, অপ্সৰা, মেঘদূত আৰু ছিলভাৰ স্ক্রীন ছবিগৃহৰ পৰা ইউএফ’ ছিষ্টেম কোম্পানীয়ে উঠাই নিছে৷ উর্বশী চিনেমা হলৰ স্বত্বাধিকাৰীয়েও ছবিগৃহৰ পৰা ইউএফ’ ছিষ্টেম উঠাই নিবলৈ কোম্পানীক অনুৰোধ জনাইছে ৷ বিগত ১০ মাহ ধৰি চিনেমা হলসমূহ বন্ধ হৈ থকাত কর্মচাৰীৰ দৰমহা আৰু বিদ্যুতৰ বিল স্বত্বাধিকাৰীয়ে প্রতিমাহে আদায় দিবলগীয়া হৈছে ৷ চিনেমা হলসমূহ বন্ধ হৈ থাকিলেও বিদ্যুতৰ ফিক্সড চার্জৰ বাবদ প্রতিমাহে ছবিগৃহৰ স্বত্বাধিকাৰীয়ে ৩৫ৰ পৰা ৪০ হাজাৰ টকাকৈ আদায় দিবলগীয়া হৈছে৷

ৰাজ্য চৰকাৰক ছবিগৃহৰ মালিক সন্থাই বিদ্যুতৰ ফিক্সড চার্জ ৰেহাই দিবলৈ আহ্বান জনাইছিল যদিও এতিয়ালৈকে চৰকাৰে এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ নকৰিলে৷ ৰাজ্য চৰকাৰে ছবিগৃহসমূহ ৫০ শতাংশ দর্শকক লৈ খুলিবলৈ আহ্বান জনাইছিল৷ কিন্তু নতুন ছবি নির্মাণ নোহোৱাত ছবিগৃহসমূহ খুলিলেও দর্শকৰ সঁহাৰি নাপাব৷ সেয়েহে স্বত্বাধিকাৰীসকলে লোকচানৰ সন্মুখীন হৈছে ৷

You might also like