নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রম আয়ুক্তৰ কার্যালয়ত চিটুৰ প্রতিবাদ

শ্রমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবী

নিয়মীয়া বার্তা, ৪ আগষ্টঃ ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰিপ্রেক্ষিতত বিগত চাৰি মাহ ধৰি চলি থকা লকডাউনৰ বাবে দেশৰ লগতে ৰাজ্যৰ বিশেষকৈ অসংগঠিত শ্রমিকসকল বাৰুকৈ প্রভাৱিত হৈছে৷ অর্থনৈতিকভাৱে শোচনীয় হৈ পৰা মহানগৰীৰ এনে শ্রমিকক বিশেষ সাহায্য দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনাই কালি শ্রম আয়ুক্তক এখন স্মাৰক–পত্র প্রদান কৰে চিটুৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে৷

জিলাৰ সভাপতি–সম্পাদক ক্রমে বীৰেন শর্মা আৰু আলী আকবৰে স্বাক্ষৰ কৰা স্মাৰক–পত্র এখনত বিশেষকৈ হাজাৰ হাজাৰ অসংগঠিত শ্রমিকে যেনে– মটৰ শ্রমিক, ই–ৰিক্সাচালক, ঠেলা আৰু ৰিক্সাচালক, দোকানৰ কর্মচাৰী, পদপথৰ দোকানী, দিনহাজিৰা কৰা লোকসকল কর্মহীন হৈ পৰাৰ পৰা উল্লেখ কৰি তেনেবোৰ লোকক চৰকাৰে সাহায্য দিয়াৰ পোষকতা কৰে৷

একেদৰে বিভিন্ন কল–কাৰখানা, নার্ছিং হোমৰ কর্মচাৰী, ঠিকাভিত্তিক কর্মচাৰীসকলো লকডাউনৰ ফলত কর্মহীন হৈ দুর্বিষহ জীৱন যাপন কৰিবলগা হৈছে৷ তদুপৰি একাংশ উদ্যোগ কর্তৃপক্ষই শেহতীয়া লকডাউনৰ সময়ছোৱাৰ পৰা আজিলৈকে উদ্যোগ চলাবলৈ সক্ষম নোহোৱাৰ পৰিপ্রেক্ষিতত ‘ন’ ৱর্ক ন’ পে’ নীতি অৱলম্বন কৰা দিশত চৰকাৰ তথা শ্রম বিভাগৰ হস্তক্ষেপ বিচাৰি সংগঠনটোৱে আৰু উল্লেখ কৰিছে যে একাংশ কল–কাৰখানা, নার্ছিং হোম আৰু বিভিন্ন প্রতিষ্ঠানৰ কর্মচাৰী লকডাউনত অথবা কণ্টেইনমেণ্ট জ’নত থকা বাবে কর্মত উপস্থিত হ’ব নোৱাৰাত তেওঁলোকৰ দৰমহা কর্তন কৰিছে কর্তৃপক্ষই৷

কর্তৃপক্ষৰ এনে কার্য আইনবিৰুদ্ধ আখ্যা দি ব্যৱস্থা গ্রহণৰ দাবী জনোৱাৰ উপৰি শ্রমজীৱীৰ অধিকাৰ খর্ব কৰি শেহতীয়াকৈ শ্রম আইনৰ যি সংশোধনী ঘটোৱা হৈছে সেই প্রস্তাৱো বাতিল কৰিবলৈ দাবী জনাইছে শ্রমিক সংগঠনটোৱে৷ এই কার্যসূচীত মহানগৰ সমিতিৰ নেতৃবৃন্দৰ উপৰি ৰাজ্যিক সম্পাদক তপন শর্মাও উপস্থিত থাকে৷

You might also like