নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩৭৭খন বাহন জব্দ, ২.১০ লাখ টকা জৰিমনা

মহানগৰীত লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত

নিয়মীয়া বাৰ্তা ৪ জুলাইঃ মহানগৰীত লকডাউন উলংঘাকাৰী লোকৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান৷ লকডাউন বলবৎ কৰাৰ আজি পঞ্চম দিনা আৰক্ষীয়ে মহানগৰীৰ বিভিন্ন স্থানত আজিও চৰকাৰী নির্দেশনা উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰে৷ আৰক্ষী সূত্রই প্রকাশ কৰা তথ্য মতে, ৩০ জুনৰ পৰা ৩ জুলাইলৈ আৰক্ষীয়ে মহানগৰীৰ বিভিন্ন প্রান্তত তালাচী চলাই মুঠ ৩৭৭খন বাহন জব্দ কৰে৷ ইয়াৰ ভিতৰত দুচকীয়া বাহন ১৯৬খন, তিনিচকীয়া ২৬খন, চাৰিচকীয়া ১৫৩খন আৰু ছয়চকীয়া ২খন৷ আনহাতে, আজিৰ দিনটোত মহানগৰ আৰক্ষীয়ে দুইচকীয়া ২৮খন আৰু চাৰিচকীয়া ১৮খনকে ধৰি মুঠ ৪৬খন বাহন জব্দ কৰে৷ মহানগৰ আৰক্ষীয়ে লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে জৰিমনা বিহি মুঠ ২,১০,৫০০ টকা সংগ্রহ কৰে৷ আৰক্ষীৰ সূত্রটোৱে লগতে জনোৱা মতে, কালিৰ দিনটোত আৰক্ষীয়ে মুঠ ৩৮,০০০ টকা জৰিমনা সংগ্রহ কৰে৷

You might also like