মহানগৰীৰ ৰাজপথত চলাচল কৰা চিটীবাছৰ সংখ্যা ৩০০লৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ৫ মেঃ অসম চৰকাৰৰ সিদ্ধান্ত অনুসৰি পৰিবহণ বিভাগে সোমবাৰৰে পৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ জৰিয়তে চিটীবাছ সেৱা পুনৰ আৰম্ভ কৰিছে৷
লকডাউনৰ নির্দেশনাৱলী শিথিলকৰণৰ পিছতে চিটীবাছ সেৱা সোমবাৰৰে পৰা পুনৰ আৰম্ভ কৰা হৈছে৷ গুৱাহাটীত ১০০ খন চিটীবাছ চলিছে আৰু ৰাজ্যখনত আন্তঃজিলা যাত্রী পৰিবহণৰ বাবে ২১৪ খন বাছ চলোৱা হৈছে৷ পৰিবহণ বিভাগৰ বিষয়াসকলৰে গঠিত পৰিদর্শকৰ দলে বাছসমূহ নীতি–নিয়ম অনুসৰি চলাচল কৰা আৰু প্রতিখন বাছত ৫০ শতাংশৰ অধিক আসন খালী ৰখা আৰু সৰু গাড়ীসমূহত যাতে দুজনতকৈ অধিক যাত্রী নাথাকে, সেয়া নিশ্চিত কৰাৰ বাবে প্রয়োজনীয় তদাৰক কৰিছে৷
বাছত যাত্রী থিয় হৈ যোৱাটো সম্পূর্ণৰূপে বন্ধ কৰা হৈছে৷ অনলাইন টিকট আৰু যাত্রীৰ যোগাযোগৰ তথ্যসমূহ প্রয়োজন অনুসৰি ব্যৱহাৰৰ বাবে জমা ৰখা হৈছে৷ এইক্ষেত্রত অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়ে জনোৱা মতে, আজি মহানগৰীত এএছটিচিৰ তৰফৰ পৰা অতিৰিক্ত ৫০খন চিটীবাছ বৃদ্ধি কৰাৰ লগতে ব্যক্তিগত খণ্ডৰ প্রায় ১৫০ খন বাছ চলাচলৰ সম্ভাৱনা আছে৷
অৱশ্যে এই ক্ষেত্রত ব্যক্তিগত খণ্ডৰ বাছৰ মালিকে ১০০খন বাছ চলাচলৰ নিশ্চিত তথ্য পৰিবহণ বিভাগক জানিবলৈ দিছে যদিও বাকী ৫০খন বাছৰ ক্ষেত্রত কাইলৈহে সিদ্ধান্ত লোৱা হ’ব৷ তেওঁ লগতে ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি এএছটিচিয়ে যোগান ধৰা চিটীবাছত অনাৱশ্যকভাৱে যাতায়াত নকৰিবলৈ মহানগৰবাসীক আহ্বান জনাইছে৷