নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ বিবদমান ভূমিত প্রৱঞ্চনাৰে বিশাল অট্টালিকা নির্মাণ ব্যৱসায়ীৰ

নিয়মীয়া বাৰ্তা ২৪ জুলাইঃ ৰাজধানী চহৰ গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ একাংশ ভূমিত ডাবি–ধমকিৰে ভূ–মাফিয়াই দখল কৰি প্রকৃত গৰাকীক প্রৱঞ্চনা কৰাৰ বহু নজিৰ আছে৷ তেনে এক ঘটনাই এইবাৰ সংঘটিত হৈছে গণেশগুৰিত৷ গুৱাহাটীৰ অন্যতম ব্যস্ত অঞ্চল হিচাপে পৰিচিত গণেশগুৰিৰ প্রায় ৭ কঠা বিবদমান ভূমিত প্রকৃত গৰাকীক প্রৱঞ্চনা কৰি বৃহৎ অট্টালিকা নির্মাণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ব্যৱসায়ী নৃপেন দাসৰ বিৰুদ্ধে৷ এই ভূমিক লৈ কামৰূপ মহানগৰ জিলাৰ দেৱানী আদালত আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু হৈ থকাৰ সময়তে গণেশগুৰিৰ এই ভূমিত প্রকৃত গৰাকী কেশৱ কলিতাক প্রৱঞ্চনা কৰি ব্যৱসায়ী দাসে কেইবামহলীয়া অট্টালিকা নির্মাণ কৰিছে৷ সম্প্রতি এই অট্টালিকাত এটা শ্বপিং মলো চলি আছে৷ এই সমগ্র ভূমিডোখৰক লৈ আইনী যুঁজ চলি থকাৰ সময়ত অতি কৌশলেৰে নৃপেন দাসে গৰাকী কেশৱ কলিতাক এক বৃহৎ পৰিমাণৰ ধন আদায়ৰ প্রতিশ্রুতি দিছিল৷ কিন্তু প্রতিশ্রুতি অনুসৰি কেশৱ কলিতাক ধন আদায় দিয়াৰ পৰা বিৰত থাকে ব্যৱসায়ী নৃপেন দাস৷ ইয়াৰ পৰিৱর্তে মাটিৰ গৰাকী কেশৱ কলিতাক ভেৰোণীয়া গুণ্ডা লগাই প্রাণনাশৰ ভাবুকিহে প্রদান কৰা হৈছে বুলি অভিযোগ উত্থাপন হৈছে৷ ইতিমধ্যে কেশৱ কলিতাই এই সম্পর্কে দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰাৰ লগতে অসম আৰক্ষীৰ সঞ্চালকপ্রধানলৈ পত্র প্রেৰণ কৰিছে৷

দিছপুৰ থানাত যোৱা ২৯ জুনত দাখিল কৰা এজাহাৰ অনুসৰি আৰ জি বৰুৱা পথত থকা ৬৫ আৰু ৬৬ দাগ নং আৰু পুৰণি পট্টা নং ৯/৭৬ৰ ৭ কঠা ভূমি ৪২ বছৰ পূর্বে এজন ব্যক্তিৰ পৰা দান হিচাপে লাভ কৰিছিল৷ কিন্তু এই ভূমিডোখৰক লৈ ৫–৬জন ব্যক্তিয়ে কিনা–বেচা কৰি লাভান্বিত হ’বলৈ চেষ্টা চলায়৷ যাৰ পৰিপ্রেক্ষিতত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰো দ্বাৰস্থ হৈছিল৷ ইয়াৰ মাজতে শেহতীয়াকৈ কিছু বছৰ পূর্বে নৃপেন দাস নামৰ ব্যৱসায়ীজনে তেওঁৰ ঘৰলৈ গৈ এই মাটিডোখৰৰ বাবদ মৌখিকভাৱে ৩ কোটি ৭০ লাখ টকাৰ লগতে তিনিটা ফ্লেট দিব বুলি বন্দোৱস্ত কৰে৷ সেইমর্মে আগধন হিচাপে ৫১ লাখ টকাৰ চেক আৰু ৪ লাখ টকা নগদ প্রদান কৰে কেশৱ কলিতাক৷ মৌখিকভাৱে দিয়া প্রতিশ্রুতি অনুসৰি পৰৱর্তী সময়ত প্রায় ৩ কোটি ১৫ লাখ টকা আদায় দিব লাগিছিল কেশৱ কলিতাক৷ কিন্তু আজিপর্যন্ত তেওঁ সেই ধন প্রদান নকৰিলে৷ বৰঞ্চ আগধন দিয়াৰ সময়ত কেইবাখনো কাগজত কেশৱ কলিতাৰ চহী লৈ যায় নৃপেন দাসে৷ কেইবাবাৰো ফোনযোগে কেশৱ কলিতাই ব্যৱসায়ী নৃপেন দাসৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও সেয়া ব্যর্থ হয় বুলি উল্লেখ কৰিছে এজাহাৰত৷

ফোনযোগে যোগাযোগ নোহোৱাত যোৱা ১৮ জুনত কেশৱ কলিতাই নৃপেন দাসলৈ এখন পত্র প্রেৰণ কৰে৷ ইয়াৰ পিছতে ২৭ জুনত কেশৱ কলিতাক হাতীগাঁও থানালৈ মাতি আনি আৰক্ষীৰ উপস্থিতিতে কেইজনমান মাটিৰ দালালে অশ্লীল ভাষাৰে গালি–গালাজ কৰে বুলিও উত্থাপন কৰিছে অভিযোগ৷ থানাতে ভূ–মাফিয়াকেইজনে কেশৱ কলিতাক সকলো গোচৰ উঠাই ল’বলৈ হেঁচা প্রয়োগ কৰাৰ লগতে তেনে নকৰিলে গাড়ীৰে খুন্দিয়াই অথবা গুলীয়াই মাৰিব বুলি ভাবুকি প্রদান কৰে৷ আনকি হাতীগাঁও থানাতে কেশৱ কলিতাক বহু কাগজত চহী কৰিবলৈ বাধ্য কৰাইছিল বুলিও এজাহাৰত উল্লেখ কৰিছে৷ প্রাপ্য প্রদানৰ পৰা বঞ্চিত কৰাৰ লগতে প্রাণনাশৰ ভাবুকি দিয়াৰ বাবে অভিযুক্ত ব্যৱসায়ীজনক শাস্তি প্রদান কৰিবলৈ তেওঁ দিছপুৰ আৰক্ষীক এজাহাৰযোগে আহ্বান জনাইছে৷ অসম আৰক্ষীৰ সঞ্চালকপ্রধানলৈ প্রেৰণ কৰা আবেদনতো এই একেখিনি কথাই তেওঁ উল্লেখ কৰিছে৷ আদালতত গোচৰ চলি থকাৰ সময়তে কিদৰে ব্যৱসায়ী দাসে গণেশগুৰিৰ এই ভূমিডোখৰত বৃহৎ অট্টালিকা নির্মাণ কৰিবলৈ সক্ষম হ’ল, তাক লৈও উত্থাপন হৈছে প্রশ্ণৰ৷ এইক্ষেত্রত আৰক্ষীয়ে কেশৱ কলিতাক ন্যায় প্রদান কৰিবনে নকৰে সেয়াও হ’ব লক্ষণীয়৷

You might also like