ড্রাগছসহ ৮ সৰবৰাহকাৰীক গ্রেপ্তাৰঃ বাহন জব্দ
নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ মহানগৰীত ক’ৰোনাকালত বৃদ্ধি পাইছে ড্রাগছ সৰবৰাহ৷ লকডাউনৰ সুযোগ লৈ মহানগৰীৰ বিভিন্ন প্রান্তত ড্রাগছৰ ৰমৰমীয়া বেহা চলাই আহিছে ড্রাগছ সৰবৰাহকাৰী চক্রই৷ আজি জালুকবাৰী আৰু মালিগাঁৱৰ বিভিন্ন অঞ্চলত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ ড্রাগছসহ ৮ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা সৰবাহকাৰীকেইজন ক্রমে অভিজিৎ দাস, জিতেন দাস, দ্বীপ কলিতা, ৰেকিব আলী, প্রণৱ দাস, বিকি দাস, সূচাংক মদগোল্ল আৰু জিণ্টু কুমাৰ দাস৷ তদুপৰি আৰক্ষীয়ে ড্রাগছ সৰবৰাহকাৰী চক্রটোৰ পৰা দুখন চাৰিচকীয়া বাহন, চাৰিখন দুচকীয়া বাহন, ১০টা ম’বাইল ফোন, নগদ ১৭ হাজাৰ টকাৰ লগতে বহু আপত্তিজনক সামগ্রী জব্দ কৰে৷ আৰক্ষী সূত্রই জনোৱা মতে, দীর্ঘদিন ধৰি এই ড্রাগছ সৰবৰাহকাৰী চক্রটোৱে মহানগৰীৰ বিভিন্ন প্রান্তত ড্রাগছ সৰবৰাহ কৰি আহিছে৷ আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি আজি ম’ষ্ট ৱাণ্টেডৰ তালিকাত নাম অন্তর্ভুক্ত হোৱা ড্রাগছ সৰবৰাহকেইজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে আৰক্ষীয়ে জব্দ কৰা এএছ–০১ ডিএন–০৫১৬ নম্বৰৰ বাহনখনত এটা ৰাজনৈতিক দলৰ চিহ্ণযুক্ত কিছু সামগ্রী উদ্ধাৰ কৰা হৈছে৷