নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত ফেৰীৱালাৰ বেশত ইৰানী গ্রুপৰ লুণ্ঠন

তেতেলিয়াত ৬ লাখ টকাসহ দুর্ধর্ষ সদস্যক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ  উত্তৰ–পূর্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীত ঠগ, প্রৱঞ্চক অপৰাধীৰ মুক্ত বিচৰণস্থলীত পৰিণত হৈছে৷ বহিঃৰাজ্যৰ পৰা অহা প্রৱঞ্চকৰ দলে গুৱাহাটীত ফেৰীৱালাৰ বেশত পিয়াপি দি ফুৰাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ বিহাৰৰ পৰা অহা এই দলটোৱে অভিনৱ পন্থাৰে কেৱল গুৱাহাটী মহানগৰীতেই নহয়, ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহতো প্রৱঞ্চনাৰ জাল পাতি সহজ–সৰল ৰাইজৰ পৰা কৌশলেৰে লুণ্ঠন চলাই আহিছে৷ সাপ্তাহিক লকডাউনৰ মাজতে আজি মহানগৰীৰ তেতেলিয়াত ইৰানী গ্রুপৰ দুর্ধর্ষ সদস্য মহানগৰ আৰক্ষীৰ জালত পৰাৰ পিছতে পোহৰলৈ আহিছে এই ভয়াৱহ তথ্য৷ বশিষ্ঠ, গড়চুক, জালুকবাৰী আৰক্ষীৰ সহযোগত ৰুস্তম আহমেদ নামৰ ইৰানী গ্রুপৰ সদস্যটোক নগদ ধনসহ গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত ৰুস্তমৰ পৰা আৰক্ষীয়ে ৬,০১,৫৬০ টকা জব্দ কৰে৷ বশিষ্ঠ থানাৰ ভাৰপ্রাপ্ত বিষয়া নৱজিৎ দাস বাগ্রীয়ে ৰুস্তম ইৰানী গ্রুপৰ সদস্য বুলি দাবী কৰাৰ লগতে জব্দকৃত ধনখিনিও লুট কৰি অনা বুলি সন্দেহ প্রকাশ কৰিছে৷ সম্প্রতি বশিষ্ঠ আৰক্ষীয়ে ধৃত ৰুস্তমক মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে সাপ্তাহিক লকডাউনৰ বাবে আজি আৰক্ষীয়ে চলাই থকা নিয়মীয়া তালাচীৰ সময়তে এ এছ–২৫ কিউ–৩৩১৮ নম্বৰৰ পালছাৰ বাইকেৰে দুজন লোক আৰক্ষীৰ সংকেত নামানি পাৰ হৈ যায়৷ বাইক আৰোহী দুজনৰ ওপৰত আৰক্ষীৰ সন্দেহ ওপজাত নৱজিৎ দাস বাগ্রীৰ নেতৃত্বত যোৱা এটা দলে লোক দুজনৰ পিছ লয়৷ গড়চুক আৰু জালুকবাৰী আৰক্ষীকো বাইক আৰোহী দুজনক ধৰিবলৈ খবৰ দিয়ে৷ দুই বাইক আৰোহীয়ে আৰক্ষীৰ বেহু ভেদি তেতেলিয়াৰ ছার্ভিচ লেনেৰে পলাবলৈ লোৱাৰ সময়তে জালুকবাৰী আৰক্ষীৰ সহযোগত ধৰিবলৈ সক্ষম হয়৷ অৱশ্যে ৰুস্তমৰ সহযোগীজন পলাই যাবলৈ সক্ষম হয়৷ আৰক্ষীৰ জেৰাত ১৫ বছৰ পূর্বে বিহাৰৰ পৰা আহি গুৱাহাটীত ব্যৱসায় কৰি হাজোৰ কলিতাকুছিত ঘৰ–মাটি ক্রয় কৰি স্থায়ীভাৱে থাকিবলৈ লোৱাৰ কথা ৰুস্তমে সদৰী কৰিছে৷ ইফালে, বাইকৰ পাছফালে উঠি যোৱা আৰোহীজনক চিনি নাপাওঁ বুলি স্বীকাৰোক্তি দিয়াক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ ৰুস্তমে টকাখিনি গুটকা ক্রয় কৰিবলৈ অনা বুলি স্বীকাৰোক্তি দিছে৷ সাপ্তাহিক লকডাউনৰ বাবে ব্যৱসায়িক প্রতিষ্ঠান বন্ধ থকাত ক’ৰ পৰা ৰুস্তমে গুটকা ক্রয় কৰিলেহেঁতেন তাক লৈও ৰহস্যৰ সৃষ্টি হৈছে৷ আৰক্ষীয়ে তদন্তৰ খাতিৰত ঘটনা সন্দর্ভত কোনো তথ্য প্রকাশ কৰা নাই যদিও সঠিক তদন্ত হ’লে ইৰানী গ্রুপৰ সদস্যৰ লগতে বহু চোৰাং গুটকা ব্যৱাসীও আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে৷

You might also like