নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত তিনি ৱার্ডত আংশিক কণ্টেইনমেণ্ট জ’ন

ক’ৰোনা মহামাৰীৰ ভয়াৱহ সংক্রমণ ৰোধৰ প্রয়াস জিলা প্রশাসনৰ

নিয়মীয়া বাৰ্তা ৬ মেঃ  ২৮নং ৱার্ড 

২৮নং ৱার্ডে সামৰি লোৱা অঞ্চলকেইটা হৈছে– বেলতলা, বশিষ্ঠ, মৈদামগাঁও, বৰমটৰীয়া৷ অজন্তা পথৰ উত্তৰ দিশৰ পৰা হাতীগাঁও চাৰিআলি হৈ বশিষ্ঠ সংযোগী পথৰ পশ্চিম দিশলৈ চন্দননগৰ হৈ টঙৰা সত্রৰ দলংলৈকে কণ্টেইনমেণ্ট জ’নে সামৰি লৈছে৷ পূবত ৰুক্মিণী–বাহিনী নৈৰ উত্তৰ দিশৰ পৰা টঙৰা সত্রৰ দলঙৰ পৰা বশিষ্ঠ চাৰিআলিলৈকে৷ ওপৰত উল্লেখ কৰা অঞ্চলকেইটাৰ পূব–পশ্চিম–উত্তৰ– চাৰিসীমা সামৰি বশিষ্ঠ–হাতীগাঁও সংযোগী ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ কাষলৈকে কণ্টেইনমেণ্ট জ’নে সামৰি ল’ব৷ পশ্চিমে ৩৭নং ৰাষ্ট্রীয় ঘাইপথ সংযোগী পইণ্টৰ পৰা ভেটাপাৰা চাৰিআলিলৈ, হাতীগাঁও মূল পথৰ পশ্চিম অংশ আৰু হাতীগাঁও পথৰ পূব দিশৰ ভেটাপাৰা চাৰিআলিৰ পৰা হাতীগাঁও চাৰিআলিলৈ৷

৮নং ৱার্ড

৮নং ৱার্ডত সামৰি লোৱা অঞ্চলকেইটা হৈছে– ভূতনাথ, কুমাৰপাৰা, এ টি ৰোড, মাছখোৱা আৰু আঠগাঁও৷ ৮নং ৱার্ডৰ উত্তৰ দিশে সোণাৰাম ফিল্ডৰ পৰা কেদাৰ ৰোডলৈকে কণ্টেইনমেণ্ট জ’নৰ অন্তর্ভুক্ত হৈছে৷ পূবে কেদাৰ ৰোডৰ পূব অংশৰ পৰা এ টি ৰোডলৈ ব্রহ্মপুত্রৰ পাৰ আৰু সতী জয়মতী পথৰ পূব অংশ চাবিপুললৈকে কণ্টেইনমেণ্ট জ’নৰ অন্তর্ভুক্ত হৈছে৷ নেতাজী সুভাষ চন্দ্র বসু পথৰ পূব অংশ, ফটাশিল দলঙৰ দক্ষিণ দিশে জি এছ কলনীৰ পথৰ ভৰলু নৈৰ দক্ষিণ দিশ আৰু ভৰলু নৈৰ পশ্চিম দিশে এ টি ৰোডৰ পৰা সোণাৰাম হাইস্কুল খেলপথাৰলৈ কণ্টেইনমেণ্ট জ’নৰ অন্তর্ভুক্ত হৈছে৷

১৬নং ৱার্ড

১৬নং ৱার্ডত সামৰি লোৱা অঞ্চলকেইটা–ফটাশিল আমবাৰী, ভাস্কৰনগৰ, বর্ষাপাৰা আৰু ধীৰেনপাৰা৷ উত্তৰে আমবাৰী তিনিআলিৰ পৰা মৰাভৰলু হৈ লখৰা ৰোড সংযোগী এ কে দেৱ পথৰ পূব অংশ কণ্টেইনমেণ্ট জ’নে সামৰি ল’ব৷ মৰাভৰলুৰ পূব অংশ চাইকেল ফেক্টৰীৰ উত্তৰ অংশ হৈ লখৰা ৰোডৰ পৰা ধপলীয়া পথলৈকে কণ্টেইনমেণ্ট জ’নে সামৰি লৈছে৷ দক্ষিণে লখৰা ৰোডৰ পৰা ধপলীয়া ৰোড হৈ মৰাভৰলুৰ ২নং উপ–পথলৈ কণ্টেইনমেণ্ট জ’নে সামৰি ল’ব৷ পশ্চিমে মৰাভৰলুৰ পৰা ধপলীয়া ৰোড হৈ ভণ্ট পথৰ ২নং উপ–পথৰ পৰা আমবাৰী তিনিআলিলৈকে এ কে দেৱ ৰোড কণ্টেইনমেণ্ট জ’নত অন্তর্ভুক্ত হৈছে৷

You might also like