নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিটীবাছ–মেজিকৰ ভাৰা বৃদ্ধি; নির্বিকাৰ পৰিবহণ বিভাগ

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ গুৱাহাটী মহানগৰীৰ ৰাজপথত চলাচল কৰা চিটীবাছ আৰু মেজিকৰ চালক–কর্মচাৰীসক নিজ খেয়াল–খুচি মতে ভাৰা বৃদ্ধি কৰি যাত্রীসকলক মাধমাৰ শোধাইছে৷ ক’ৰোনা মহামাৰীৰ সময়ছোৱাত প্রশাসনে জাৰি কৰা লকডাউন তথা আনলক প্রক্রিয়াৰ সুযোগ গ্রহণ কৰি অসাধু চালক–কর্মচাৰীসক চিটীবাছ আৰু মেজিকৰ ভাৰা দুগুণ বৃদ্ধি কৰিছে৷ জিলা পৰিবহণৰ নীতি–নির্দেশনা উলংঘা কৰি নিজ খেয়াল–খুচি মতে ভাৰা বৃদ্ধি কৰি চালক–কর্মচাৰীসক যাত্রীসকলক হাৰাশাস্তি কৰি থকাৰ পাছতো কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ কার্যালয়ে এইক্ষেত্রত মৌনতা অৱলম্বন কৰিছে৷ একাংশ চিটীবাছৰ যাত্রীয়ে অভিযোগ কৰা মতে, সম্প্রতি চিটীবাছত উঠিলেই যাত্রীসকলে ভৰিব লাগে দহ টকা৷

পূর্বে চিটীবাছত উঠিলে নূ্যনতম ভাৰা সাত টকা আছিল যদিও ক’ৰোনা সৃষ্ট পৰিৱেশৰ বাবে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ ৫০ শতাংশ যাত্রী কঢ়িওৱাৰ ফলত বাছৰ ভাৰা সামান্য বৃদ্ধি কৰা পৰিলক্ষিত হয়৷ কিন্তু প্রশাসনে পৰৱর্তী সময়ত এশ শতাংশ যাত্রী কঢ়িওৱাৰ অনুমতি দিয়াৰ পাছতো চালক–কর্মচাৰীসক চিটীবাছ, মেজিকৰ ভাৰা হ্রাস কৰা পৰিলক্ষিত হোৱা নাই৷ নাৰেংগীৰ পৰা আদাবাৰী পর্যন্ত পূর্বে ২৩ টকা ভাৰা আছিল যদিও চিটীবাছৰ যাত্রীসকলৰ পৰা এতিয়া ৩০–৪০ টকা সংগ্রহ কৰিছে৷ একেদৰে পাঞ্জাবাৰীৰ পৰা চানমাৰি হৈ জালুকবাৰী, বশিষ্ঠৰ পৰা গণেশগুৰি হৈ জালুকবাৰীলৈ আৰু খানাপাৰাৰ পৰা ৰাষ্ট্রীয় ঘাইপথেৰে জালুকবাৰীলৈ যাতায়াত কৰা ব্যক্তিগত খণ্ডৰ বাছৰ ভাৰা ক’ৰোনা মহামাৰীৰ সুযোগ গ্রহণ কৰি দুগুণ বৃদ্ধি কৰি যাত্রীক মাধমাৰ শোধাইছে৷

ইপিনে, মহানগৰীৰ ৰাজপথত চলাচল কৰা মেজিকসমূহেও ভাৰা দুইৰ পৰা তিনিগুণ বৃদ্ধি কৰা পৰিলক্ষিত হৈছে৷ ভুক্তভোগী যাত্রীসকলে অভিযোগ কৰা অনুসৰি, পূর্বে খানাপাৰাৰ পৰা জালুকবাৰীলৈ চলাচল কৰা মেজিকৰ ভাৰা ২৫ টকা আছিল৷ কিন্তু ক’ৰোনা মহামাৰী সৃষ্ট পৰিৱেশৰ সুযোগ গ্রহণ কৰি অসাধু চালকসকলে যাত্রীৰ পৰা ২৫ টকাৰ পৰিৱর্তে ৭০–৮০ টকা সংগ্রহ কৰিছে৷ একেদৰে লালমাটিৰ পৰা গণেশগুৰি হৈ লালগণেশ, নটবমাৰ পৰা গণেশ মন্দিৰ হৈ লালগণেশ, হাতীগাঁৱৰ পৰা বিৰুবাৰী হৈ আদাবাৰীলৈ, নুনমাটিৰ পৰা বৰবাৰী হৈ গণেশগুৰি আৰু পাঞ্জাবাৰীৰ পৰা ভেটাপাৰা হৈ শাওকুছিলৈ চলাচল কৰা মেজিকসমূহত তিনিগুণ ভাৰা বৃদ্ধি কৰা হৈছে৷ একপ্রকাৰ মহানগৰীত চিটীবাছ আৰু মেজিকৰ ভাৰা নিয়ন্ত্রণহীন হৈ পৰিছে৷ চালক–কর্মচাৰীসক নিজ খেয়াল–খুচি মতে ভাৰা বৃদ্ধি কৰি যাত্রীসকলক মাধমাৰ শোধাই অহাৰ পাছতো জিলা পৰিবহণৰ কার্যালয়ে ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছে৷

You might also like