মহানগৰীত লকডাউনৰ সময়ত কৰ্তব্যৰত আৰক্ষীৰে মত বিনিময় মুখ্যমন্ত্ৰীৰ
নিয়মীয়া বাৰ্তা, ২ জুলাইঃ ক’ৰোনা প্ৰতিৰোধৰ বাবে গুৱাহাটী মহানগৰীত বলবৎ হৈ আছে ১৪ দিনীয়া সম্পূৰ্ণ লকডাউন ।
বুধবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটী মহানগৰীৰ জুৰোড তিনিআলিত লক্-ডাউনৰ সময়ছোৱাত নিষ্ঠা সহকাৰে তথা দায়ৱদ্ধতাৰে কৰ্তব্য পালন কৰি থকা যান-বাহন আৰক্ষী আৰু কৰ্তব্যত নিয়োজিত হৈ থকা আৰক্ষীৰ লোকসকলৰ সৈতে মত-বিনিময় কৰে।
মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁলোকে সম্পাদন কৰা কাম-কাজৰ বুজ লোৱাৰ লগতে তেওঁলোকক অধিক দায়বদ্ধতাৰে কৰ্তব্য সম্পাদন কৰিবলৈ আহ্বান জনায়। তেওঁলোকে অহৰ্নিশে সম্পাদন কৰি অহা সেৱাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে শলাগ লয়।