নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিযুক্ত দুই যুৱকক জে’ললৈঃ টিকা বাৰৰ অনুজ্ঞাপত্র বাতিল

মুখ্যমন্ত্রীৰ কনভয়ত খুন্দিওৱাৰ চেষ্টা

নিয়মীয়া বাৰ্তা,৩০ মেঃ লকডাউন তথা সান্ধ্য আইন চলি থকাৰ মাজতে কালি নিশা মহানগৰীৰ এবিচিত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ কনভয়ত দুখন বাহনেৰে খুন্দিওৱাৰ চেষ্টা কৰা দুই অভিযুক্তক আৰক্ষীয়ে গ্রেপ্তাৰ কৰি আজি জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ অভিযুক্ত যুৱক দুজন ক্রমে ছাত্রীবাৰীৰ গীতার্থ দাস আৰু ৰিহাবাৰীৰ দেৱহাজ গোস্বামী বুলি ভঙাগড় আৰক্ষী সূত্রই জানিবলৈ দিছে৷ উল্লেখ্য যে অভিযুক্তদ্বয়ে আন তিনিগৰাকী যুৱক–যুৱতীৰ সৈতে এবিচিত টিকা বাৰত অত্যধিক সুৰা সেৱন কৰি কালি নিশা প্রায় ৭.৪৫ বজাত দিছপুৰৰ পৰা উলুবাৰী অভিমুখী মুখ্যমন্ত্রীৰ কনভয়ত খুন্দা মৰাৰ চেষ্টা চলায়৷ ইয়াৰ পিছতে আৰক্ষীয়ে যুৱতীসহ যুৱক দুজনক আটক কৰি ঘটনা সন্দর্ভত ভঙাগড় থানাত ভাৰতীয় দণ্ডবিধি ১২০(বি)/১০৯/১৮৮/২৭৯/ ৩৫৩/ ৩০৭/ ৩৪ ধাৰাত ১৯৮/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি আজি যুৱক দুজনক আদালতত হাজিৰ কৰায়৷ পাছত কামৰূপ মহানগৰ জিলাৰ ন্যায়িক দণ্ডাধীশৰ আদালতে যুৱক দুজনক জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ আনহাতে, আৰক্ষীয়ে আটক কৰা যুৱক–যুৱতীকেইজন জামিন মঞ্জুৰ কৰে৷ আবকাৰী মন্ত্রী শুক্লবৈদ্যৰ নির্দেশমর্মে আবকাৰী বিভাগে আজি এবিচিৰ টিকাবাৰখনত অবৈধভাৱে সুৰা সেৱন কৰাৰ অভিযোগত তাৎক্ষণিকভাৱে অনুজ্ঞাপত্র বাতিল কৰে।

You might also like