মায়ং–চন্দ্রপুৰত ক’ৰোনাৰ আতংক: একেদিনাই ১৭গৰাকীৰ দেহত ক’ৰোনাৰ অৱস্থিতি
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ ৰাজ্যজুৰি ক’ভিডৰ দ্বিতীয় লহৰ চলি থকাৰ সময়তে মায়ঙত একাধিক লোকৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰে৷ প্রাপ্ত তথ্য অনুসৰি, লোনমাটি স্বাস্থ্য কেন্দ্রত আজি অর্ধশতাধিক লোকৰ ৰেপিড এণ্টিজেন টেষ্ট কৰা হয়৷ স্বাস্থ্য কেন্দ্র কর্তৃপক্ষই জানিবলৈ দিয়া মতে, মায়ং অঞ্চলত মুঠ ১৩গৰাকী লোকৰ শৰীৰত ক’ৰোনাৰ অৱস্থিতি ধৰা পৰিছে৷
তথ্য অনুসৰি ৰজামায়ঙত ৯জন, লোনমাটিৰ এজন আৰু হাতীমুৰীয়াত একেটা পৰিয়ালৰ ৩গৰাকী সদস্য ক’ভিডত আক্রান্ত হিচাপে চিহ্ণিত হয়৷ আটাইকেইগৰাকী আক্রান্তক ইতিমধ্যে হোম আইছ’লেচনত থকাৰ পৰামর্শ দিছে৷
ইফালে, দ্বিতীয় লহৰত প্রথমবাৰৰ বাবে ইমান সংখ্যক ক’ভিড আক্রান্ত চিনাক্ত হোৱাত আতংকিত হৈ পৰিছে মায়ংবাসী৷ আনহাতে, চন্দ্রপুৰৰ তাঁতীমাৰাতো একেটা পৰিয়ালৰ তিনিগৰাকী সদস্যৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে৷
জানিব পৰা মতে, পৰিয়ালটোৰ ফুনিতা কলিতা নামৰ মহিলা এগৰাকী মহানগৰীত কর্মৰত অৱস্থাত ক’ভিডত আক্রান্ত হয়৷ তাৰ পিছতে পৰিয়ালৰ আন সদস্যসকলৰ এণ্টিজেন টেষ্ট কৰে স্বাস্থ্য বিভাগৰ লোকে৷ তাৰ ভিতৰত মাধৱ কলিতা, তেওঁৰ পুত্র সঞ্জিত কলিতা আৰু ভতিজী অংকিতা কলিতাৰ শৰীৰত ক’ৰোনাৰ অৱস্থিতি ধৰা পৰে৷ লগে লগে পৰিয়ালটোৰ হোম আইছ’লেচনৰ ব্যৱস্থা কৰে স্বাস্থ্য বিভাগে৷ এই খবৰে সম্প্রতি অঞ্চলজুৰি আতংময় পৰিৱেশ সৃষ্টি কৰিছে৷