নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ জানুৱাৰীৰ পৰা কটন বিশ্ববিদ্যালয়ৰ পাঠদান আৰম্ভ

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ ক’ৰোনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যজুৰি বন্ধ হৈ আছে শিক্ষানুষ্ঠানসমূহ কিন্তু বৰ্তমান ক’ৰোনাৰ প্ৰভাৱ কিছু পৰিমাণে কম হোৱাত ৰাজ্য চৰকাৰে বৰ্তমান শিক্ষানুষ্ঠানসমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি নতুন বৰ্ষৰ ৪ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব কটন বিশ্ববিদ্যালয়ৰ পাঠদান।

বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ মতে স্নাতক শাখাৰ ৩য় আৰু ৫ম ষান্মাষিক, স্নাতকোত্তৰ ৩য় ষান্মাষিক আৰু উচ্চতৰ মাধ্যমিকৰ ২য় বৰ্ষৰ পাঠদান আৰম্ভ হ’ব।

আনহাতে ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক আৰু স্নাতকোত্তৰ প্ৰথম ষান্মাষিকৰ নিয়মিত পাঠদান।

ছাত্ৰাবাসসমূহো ৪জানুৱাৰীৰ পৰা খোলাৰ ব্যৱস্থা গ্ৰহণ কৰিছে কৰ্তৃপক্ষই। ইয়াৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰা সকলো নীতি নিয়ম মানি চলা হ’ব বুলিও সদৰী কৰো কৰ্তৃপক্ষই।

You might also like