গুৱাহাটীত মূর্তিৰ পৰিৱর্তে ঘট স্থাপনেৰে হ’ব দুর্গাপূজাৰ আয়োজন
ক’ভিড–১৯ সংক্রমণ ৰোধৰ চিন্তা–চর্চা পূজা সমিতিৰ
নিয়মীয়া বাৰ্তা ৩ ছেপ্টম্বৰঃ ক’ভিড–১৯ৰ সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি এইবাৰ গুৱাহাটীত শাৰদীয় দুর্গোৎসৱ অনাড়ম্বৰপূর্ণভাৱে অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে পূজা সমিতিসমূহে৷ বুধবাৰে কামৰূপ (মহানগৰ) জিলা পুথিভঁৰালত জিলা প্রশাসন–আৰক্ষী প্রশাসন আৰু শতাধিক দুর্গোৎসৱ উদ্যাপন সমিতিৰ বিষয়ববীয়াৰে দুর্গাপূজা উদ্যাপন সন্দর্ভত এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত উপস্থিত দুর্গোৎসৱ উদ্যাপন সমিতিৰ সৰহসংখ্যক সমিতিয়ে ধর্মীয় পৰম্পৰা ৰক্ষা কৰি বৈদিক ৰীতি–নীতিৰে অনুষ্টুপীয়াকৈ দুর্গাপূজা উদ্যাপন কৰাৰ পোষকতা কৰে৷ ক’ভিড–১৯ৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি বিগত বর্ষসমূহৰ দৰে জাক–জমকতাৰ পৰিৱর্তে অনাড়ম্বৰপূর্ণভাৱে দুর্গাপূজা অনুষ্ঠিত কৰাৰ মত পোষণ কৰে পূজা সমিতিসমূহে৷ একাংশ পূজা সমিতিয়ে এইবাৰ দেৱী প্রতিমাৰ পৰিৱর্তে বৈদিক ৰীতি–নীতিৰে ঘট পূজা পালন কৰাৰ পোষকতা কৰে৷ অৱশ্যে একাংশ পূজা সমিতিয়ে দেৱী প্রতিমা স্থাপন কৰি অনুষ্টুপীয়াকৈ পূজা উদ্যাপনৰ পোষকতা কৰে৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে চৰকাৰী নীতি–নির্দেশনা মানি সমিতিসমূহে পূজা উদ্যাপন কৰাৰ লগতে এইবাৰ কোনো ধৰণৰ সাংস্কৃতিক কার্যসূচী অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত কৰিছে পূজা সমিতিসমূহে৷ জিলা পুথিভঁৰালত অনুষ্ঠিত এই বৈঠকতে এইবাৰ বিশ্বকর্মা পূজাও অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰি সকলো ধৰণৰ সাংস্কৃতিক কার্যসূচী অনুষ্ঠিত নকৰাৰ কথা পূজা সমিতিসমূহে জানিবলৈ দিয়ে৷ বুধবাৰে বৈঠকত লোৱা সিদ্ধান্তসমূহ জিলা প্রশাসনে চৰকাৰলৈ প্রেৰণ কৰিব৷ চৰকাৰৰ সিদ্ধান্তমর্মে ক’ভিড–১৯ৰ নীতি–নির্দেশনা মানি পূজা সমিতিসমূহে দুর্গাপূজা অনুষ্ঠিত কৰিব বুলি মত পোষণ কৰে৷ বুধবাৰৰ এই বৈঠকত কামৰূপ মহানগৰ জিলা উন্নয়ন আয়ুক্ত অতুল শর্মা, যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়, কেইবাগৰাকীও অতিৰিক্ত উপায়ুক্ত আৰু দুর্গাপূজা সমিতিসমূহৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷ উল্লেখ্য যে গুৱাহাটী মহানগৰীত প্রতিবছৰে ৰাজহুৱা আৰু ব্যক্তিগতভাৱে ৬ শতাধিক দুর্গাপূজা অনুষ্ঠিত হৈ আহিছে৷ লাখ লাখ টকা খৰচ কৰি প্রতিখন পূজা সমিতিয়ে জাক–জমকতাৰে বিভিন্ন আর্হিৰে পূজা মণ্ডপ নির্মাণ কৰি ভক্ত–দর্শনার্থীক আকর্ষিত কৰিছিল।