নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰ জিলা উপায়ুক্তৰ কার্যালয়ত ক’ভিড–১৯ৰ প্রতিষেধক

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত, সহকাৰী উপায়ুক্ত, জিলা তথ্য আৰু জনসংযোগ বিষয়াকে ধৰি জিলা উপায়ুক্ত কার্যালয়ৰ মুঠ ৩৫জন বিষয়া–কর্মচাৰীক শুকুৰবাৰে ক’ভিড –১৯ৰ প্রথম পালি প্রতিষেধক প্রদান কৰা হয়৷ জিলা ইমুনাইজেচন বিষয়া ডাঃ ভবেন্দ্র নাথ দাসৰ তত্ত্বাৱধানত স্বাস্থ্যকর্মীৰ এটা দলে বিষয়া–কর্মচাৰীসক এই প্রতিষেধক প্রদান কৰে৷ শুকুৰবাৰৰ দিনটোৰ পৰা হিচাপ কৰি ২৯ দিন পিছত তেওঁলোকক দ্বিতীয় পালি প্রতিষেধক প্রদান কৰা হ’ব৷

উল্লেখ্য যে যোৱা বৃহস্পতিবাৰ পর্যন্ত অসমৰ ২,১৮,৪১৩জন স্বাস্থ্যকর্মী (হেল্থ কেয়াৰ ৱর্কাৰ) আৰু ১,৭৪,০৩৮জন অগ্রণী ক’ভিড যোদ্ধাক (ফ্রণ্টলাইন ৱর্কাৰ) ক’ভিড–১৯ৰ প্রতিষেধক প্রদান কৰা হৈছে৷ ইয়াৰে কামৰূপ মহানগৰ জিলাত ২৩,৪২৯জন স্বাস্থ্যকর্মী আৰু ২৬,৪২৬জন অগ্রণী ক’ভিড যোদ্ধাক প্রতিষেধক প্রদান কৰা হৈছে।

You might also like