গুৱাহাটীত COVID-19ত আক্ৰান্ত হৈ পুনৰ এজন লোকৰ মৃত্যু
নিয়মীয়া বার্তা, ৩০ জুনঃ ৰাজ্য়ত ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্য়া ১২জনলৈ বৃদ্ধি। বিগত ৪দিনত মহানগৰীত ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে দুজনকৈ লোকৰ। ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু ফটাশিল আমবাৰীৰ দিলীপ তালুকদাৰ নামৰ ৫০ বছৰীয়া লোকজনৰ।মৃত্যুৰ পাছতহে পোহৰলৈ আহে এই তথ্য। GMCHত মৃত্যু হয় লোকজনৰ।
I am sad to inform that 50-yr-old Mr Dilip Talukdar of Fatasil Ambari, Guwahati was brought dead to GMCH on June 22. Subsequently, he was tested positive for #COVID19. With this our death toll goes up to12.
My heartfelt condolences to the Talukdar family. Prayers.
— Himanta Biswa Sarma (@himantabiswa) June 30, 2020
আনহাতে খানাপাৰাৰ হেমাংগ মজুমদাৰ নামৰ লোকজনো ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হয়। দুয়োগৰাকী লোকৰ মৃত্যুত শোকপ্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ক’ৰোনাত আক্ৰান্ত হোৱাৰ পাছত বহু পলমকৈ হাস্পতাললৈ আহিছিল বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে হেমাংগ মজুমদাৰৰ শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰীসহ মন্ত্ৰী পীয়ূষ হাজৰিকা।