আজিৰে পৰা গুৱাহাটীৰ ১০৩টা স্ক্রীনিং চেণ্টাৰত চলিব ক’ভিড পৰীক্ষা
নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ আজিৰে পৰা গুৱাহাটী মহানগৰীত ১০৩টা স্ক্রীনিং চেণ্টাৰত চলিব ক’ভিডৰ পৰীক্ষা৷ মহানগৰীৰ ব্যৱসায়িক প্রতিষ্ঠানৰ লগতে চৰকাৰী–বেচৰকাৰী কার্যালয়, ট্রাক–বাছ আস্থান, বজাৰ–সমাৰ, উদ্যোগ–কাৰখানা সকলোতে চলিব এই পৰীক্ষা৷ এই কার্য সম্পাদিত কৰাৰ বাবে স্বাস্থ্য বিভাগে নতুনকৈ ১৫০গৰাকী লেবৰেটৰী টেকনিচিয়ানক নিযুক্তি দিয়ে৷ এই উপলক্ষে গুৱাহাটী মেডিকেল কলেজ হাস্পতাল প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সেই কথা প্রকাশ কৰে৷ মন্ত্রী ড০ শর্মাই কয় যে গুৱাহাটী মহানগৰীত বর্তমান ৪৩টা স্ক্রীনিং চেণ্টাৰৰ জৰিয়তে ক’ভিড পৰীক্ষা কৰা হৈছে৷
আজিৰে পৰা আৰু ৬০টা স্ক্রীনিং চেণ্টাৰে পৰীক্ষণৰ কাম আৰম্ভ কৰিব৷ ইয়াৰ ফলত মহানগৰীত স্ক্রীনিং কেন্দ্রৰ সংখ্যা ১০৩টালৈ বৃদ্ধি পাব৷ পূর্বতে কেৱল স্ক্রীনিং কেন্দ্রতেই নমুনা সংগ্রহ কৰা হৈছিল৷ আজিৰে পৰা স্ক্রীনিং কেন্দ্রত পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২.৩০ বজালৈ নমুনা সংগ্রহ কৰা হ’ব৷ ইয়াৰ পিছত দিনৰ ডেৰ বজাৰ পৰা ৪ বজালৈ উক্ত কেন্দ্রৰ দলসমূহে ব্যৱসায়িক প্রতিষ্ঠান, চৰকাৰী–বেচৰকাৰী কার্যালয়, ট্রাক–বাছ আস্থান, বজাৰ–সমাৰ আদিলৈ গৈ নমুনা সংগ্রহ কৰিব৷ নতুনকৈ স্থাপন কৰা ৬০টা কেন্দ্রৰ সকলো লেবৰেটৰী টেকনিচিয়ানে বিয়লিৰ ভাগত এই নমুনা সংগ্রহ অভিযানত নিয়োজিত হ’ব৷
সেইদৰে পুৰণা কেন্দ্রসমূহত এজন লেবৰেটৰী টেকনিচিয়ান বিয়লিৰ ভাগতো কেন্দ্রত উপস্থিত থাকিব যদিও আন তিনিজন লেবৰেটৰী টেকনিচিয়ান ক্ষেত্রভিত্তিক নমুনা সংগ্রহ অভিযানত যাব৷ কোনটো দল কোন দিনা কোন স্থানত ক্ষেত্রভিত্তিক নমুনা সংগ্রহত যাব, সেই বিষয়ে সংশ্লিষ্টসকলক আগ দিনাই জনাব লাগিব আৰু এই সম্পর্কত তেওঁলোকে সপ্তাহটোৰ কেলেণ্ডাৰ আগতীয়াকৈ যুগুতাব লাগিব৷ অৱশ্যে দেওবাৰৰ দিনা বিয়লিৰ ভাগত এই অভিযান বন্ধ থাকিব৷ প্রতিটো স্ক্রীনিং কেন্দ্রকে দৈনিক ৫০টা ক্ষেত্রভিত্তিক নমুনা সংগ্রহৰ আহ্বান জনাই মন্ত্রী ড০ শর্মাই কয় যে এই নিৰিখত নমুনা সংগ্রহ কৰিব পাৰিলে মহানগৰীত দৈনিক ৫ হাজাৰ নমুনা সংগ্রহ হ’ব৷ ২০ দিনত এক লাখৰ নমুনা সংগ্রহ হ’ব৷
ইতিমধ্যে মহানগৰীৰ ২ লাখ লোকৰ নমুনা পৰীক্ষা কৰা হৈছে৷ অহা মাহত আৰু ডেৰ লাখ নমুনা পৰীক্ষা কৰিব পাৰিলে মহানগৰবাসীৰ ৩৫ শতাংশৰ নমুনা পৰীক্ষা সম্পন্ন হ’ব৷ তেনে অৱস্থাত ক’ৰোনাৰ সংক্রমণ বহু পৰিমাণে নিয়ন্ত্রণলৈ আহিব৷ আনহাতে ব্যৱসায়িক প্রতিষ্ঠান, দোকান–পোহাৰ, উদ্যোগ–কাৰখানা আদিত চলোৱা নমুনা পৰীক্ষাত কাৰোবাৰ পজিটিভ ওলালেও সেই প্রতিষ্ঠান কনটেইনমেণ্ট জ’ন ঘোষণা কৰি বন্ধ কৰি দিয়া নহয় বুলি মন্ত্রী ড০ শর্মাই স্পষ্ট কৰি দিয়ে৷ ব্যৱসায়িক প্রতিষ্ঠানসমূহে আন কর্মচাৰীৰে কাম–কাজ অব্যাহত ৰাখিব পাৰিব৷ কেৱল পজিটিভ ওলোৱাসকলক চিকিৎসালয়ত ভর্তি কৰোৱা হ’ব৷
মন্ত্রী ড০ শর্মাই কয় যে কাইলৈ ব্যৱসায়িক প্রতিষ্ঠানসমূহৰ সৈতে স্বাস্থ্য বিভাগ আৰু প্রশাসনে এখন বৈঠকত মিলিত হৈ তেওঁলোকক এই পদক্ষেপৰ বিষয়ে অৱগত কৰিব৷ চৰকাৰে অহা ১ ছেপ্ঢেম্বৰৰ পৰা স্কুল–কলেজ খোলা সম্পর্কত চিন্তা–চর্চা কৰিবলৈ ওলাইছে বুলি উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে ইয়াৰ বাবেই স্বাস্থ্য বিভাগে ব্যাপক ৰূপত নমুনা পৰীক্ষাৰ ব্যৱস্থা লৈছে৷ অহা ৩১ আগষ্টৰ ভিতৰত ডেৰ লাখ নমুনা পৰীক্ষা কৰিব পাৰিলে গুৱাহাটী মহানগৰী কম সংক্রমণৰ স্তৰত উপনীত হ’ব পাৰিব৷ ইপিনে, ক’ভিড স্ক্রীনিং কেন্দ্রৰ দায়িত্বত থকা শিক্ষকসকলক সুস্থ হৈ ঘৰলৈ উভতি যোৱা ক’ভিড ৰোগীসকলক প্লাজমা দানৰ বাবে উৎসাহিত কৰাৰ ক্ষেত্রত বিশেষ দায়িত্ব ল’বলৈ সেই অনুষ্ঠানতে স্বাস্থ্যমন্ত্রী ড০ শর্মাই অনুৰোধ জনায়৷ এইক্ষেত্রত লক্ষণবিহীন ক’ভিড ৰোগীয়ে প্লাজমা দান কৰিব নোৱাৰাৰ বিষয়ে উল্লেখ কৰি কয় যে যিসকল লোক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল বা মহেন্দ্র মোহন চৌধুৰী হাস্পতালত চিকিৎসা গ্রহণ কৰি ৰিলিজ লাভ কৰিছে, সেইসকল লোকেহে প্লাজমা দান কৰিব পাৰিব৷ সেইদৰে সন্তান ধাৰণ কৰা মহিলায়ো প্লাজমা দান কৰিব নোৱাৰে৷ এই দিশটোৰ প্রতিও শিক্ষকসকলক গুৰুত্ব দিবলৈ তেওঁ আহ্বান জনায়৷