নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নমাইলত গো–মাফিয়া মোকৰামিনক গ্রেপ্তাৰ

আৰক্ষীৰ জেৰাত গৰু ছিণ্ডিকেটৰ ন ন তথ্য আহিছে পোহৰলৈ

নিয়মীয়া বাৰ্তা ২০ মেঃ গৰু ছিণ্ডিকেট চক্রৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে অসম আৰক্ষী৷ বেলতলা থানাত ৰুজু হোৱা ১৫৫৯/২০১৮ নম্বৰৰ গোচৰটোৰ ভিত্তিত মহানগৰ আৰক্ষী অপৰাধ শাখাই ১৭ মে’ৰ নিশা চাৰিটাকৈ গো–মাফিয়াক গ্রেপ্তাৰ কৰিছিল৷ ধৃত গো–মাফিয়াকেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত কালি নমাইলৰ পৰা মোকৰামিন (৪৫) নামৰ গো–মাফিয়াটোক অপৰাধ শাখাই গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ উত্তৰ প্রদেশৰ মোৰাদাবাদৰ মোকৰামিনে গুৱাহাটীত বাহৰ পাতি দীর্ঘদিন ধৰি গৰুৰ ছিণ্ডিকেট চলাই আহিছিল৷ একাংশ ৰাজনৈতিক নেতা আৰু আৰক্ষী বিষয়াৰ ছত্রছায়াত বছৰৰ পাছত বছৰ ধৰি গৰুৰ ছিণ্ডিকেট চলাই আহিছিল গো–মাফিয়াই৷ অপৰাধ শাখাই পাঁচটাকৈ গো–মাফিয়াক গ্রেপ্তাৰ কৰাৰ পাছতে গৰু ছিণ্ডিকেট চক্রটোৰ লগত জড়িতসকলৰ মাজত তীব্র জোকাৰণিৰ সৃষ্টি হৈছে৷ অপৰাধ শাখাৰ জেৰাত ধৃত গো–মাফিয়াকেইটাই গুৱাহাটীত চলি থকা গৰু ছিণ্ডিকেট চক্রটোৰ লগত জড়িত বহু ৰাজনৈতিক নেতা, আৰক্ষী বিষয়াৰ নাম লৈছে৷ কিন্তু তদন্তৰ খাতিৰত আৰক্ষীয়ে এই তথ্য ৰাজহুৱা কৰা নাই৷

You might also like