সান্ধ্য আইনলৈ জনতাৰ অংগুষ্ঠঃ ৫ বজাৰ পাছতো গুৱাহাটীত চলে চিটী বাছ–বাণিজ্যিক বাহন
নিয়মীয়া বাৰ্তা, ৯ জুলাইঃ ৰাজ্যত ক’ভিড সংক্রমণ বিগত জুন মাহৰ শেষৰ ফালে কিছু পৰিমাণে হ্রাস পোৱাত ৰাজ্য চৰকাৰে কেতবোৰ জিলাত শিথিল কৰিছিল নীতি–নির্দেশনা৷ আন্তঃজিলা যাতায়াত বন্ধ ৰাখিলেও সংক্রমণৰ হাৰ কম হৈ থকা জিলাসমূহত হ্রাস কৰা হৈছিল সান্ধ্য আইনৰ সময়৷ ৰাজধানী চহৰ গুৱাহাটীতো ক্রমাৎ আক্রান্তৰ হাৰ হ্রাস পোৱাৰ প্রতি লক্ষ্য ৰাখি দিনৰ ২ বজাৰ পৰিৱর্তে বিয়লি ৫ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বলৱৎ কৰা হৈছিল৷ নীতি–নির্দেশনা শিথিল কৰিলেও মহানগৰবাসীক ক’ভিড প্রট’কল মানি চলিবলৈ আহ্বান জনাইছিল ৰাজ্যৰ স্বাস্থ্য বিভাগে৷ কিন্তু গুৱাহাটীত শেহতীয়াকৈ পৰিলক্ষিত হৈছে আন এখন উদ্বিগ্ন ছবিহে৷
মহানগৰীখনত চৰকাৰী নীতি–নির্দেশনাক অংগুষ্ঠ প্রদর্শন কৰি একাংশ লোকে অব্যাহত ৰাখিছে বেপেৰুৱা স্বভাৱ৷ মহানগৰ আৰক্ষীৰ নিষ্ক্রিয়তাৰ সুযোগ লৈ বিয়লি ৫ বজাত সান্ধ্য আইন বলৱৎ হোৱাৰ পাছতো ৰাজপথত অব্যাহত আছে চিটীবাছকে ধৰি ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ বাহন৷
ট্রেকাৰ, ই–ৰিক্সা, বিভিন্ন কেব সেৱাকে ধৰি ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ বাহনসমূহে বিয়লি ৫ বজাৰ পাছতো ৰাজপথত ভিৰ কৰা পৰিলক্ষিত হয়৷ কেৱল সেয়াই নহয়, ৰাজহুৱা বাহনৰ উপৰি ব্যক্তিগত দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ চলাচলৰ বাবে সান্ধ্য আইন বলৱৎ হোৱাৰ পাছতো মহানগৰীৰ ৰাজপথত দেখা যায় যান–জঁট৷
উল্লেখ্য যে শেহতীয়াকৈ প্রকাশ কৰা এছ অ’ পি অনুসৰি গুৱাহাটীত বিয়লি চাৰি বজালৈ দোকান–পোহাৰৰ লগতে ব্যক্তিগত আৰু চৰকাৰী কার্যালয়সমূহ খুলি ৰখাৰ অনুমতি প্রদান কৰা হৈছে৷ জৰুৰী আৰু অত্যাৱশ্যকীয় সেৱাসমূহৰ বাহিৰে আন সকলো ক্ষেত্রতে এই নতুন নির্দেশনা প্রযোজ্য৷ সেই অনুসৰি চাৰি বজাৰ পাছত দোকান–পোহাৰ তথা কার্যালয় আদি বন্ধ হয় যদিও বহুসংখ্যক লোক বিয়লি ৫ বজাৰ পূর্বে নোসোমায় ঘৰত৷ সান্ধ্য আইন বলৱৎ হোৱাৰ সময়লৈকে বিভিন্ন কাম–কাজত ব্যস্ত হৈ থকা একাংশ লোক ৫ বজাৰ পাছতহে ঘৰলৈ ওভতে৷ ফলত সান্ধ্য আইনৰ পাছতো ৰাজপথত দেখা যায় বাহনৰ ভিৰ৷ তদুপৰি সান্ধ্য আইন বলৱৎ হোৱাৰ পাছত অর্থাৎ বিয়লি ৫ বজাৰ পাছত ৰাজপথত ভিৰ কৰা পৰিলক্ষিত হয় সান্ধ্য ভ্রমণকাৰী আৰু একাংশ চাইকেল আৰোহীয়ে৷ একপ্রকাৰ মহানগৰীৰ অলিয়ে–গলিয়ে তথা ৰাজপথত টিঘিল–ঘিলাই থাকে সান্ধ্য ভ্রমণকাৰী আৰু চাইকেল আৰোহীয়ে৷ তৎসত্ত্বেও নিষ্ক্রিয় হৈ থাকে মহানগৰ আৰক্ষী৷
মহানগৰীৰ উপ–পথসমূহটো বাদেই, মূল পথসমূহতো দেখা নাযায় আৰক্ষীৰ পহৰা৷ যাৰ সুযোগ লৈ সান্ধ্য আইন ভংগকাৰীৰ সংখ্যা মহানগৰীত দিনকদিনে বৃদ্ধি পাইছে৷ তদুপৰি মহানগৰীত বহুসংখ্যক লোকে সঠিকভাৱে পৰিধান নকৰে মাস্ক৷ আইনীভাৱে এনেদৰে সঠিকভাৱে মাস্ক পৰিধান নকৰা লোকক জৰিমনা বিহাৰ ব্যৱস্থাও কৰা হৈছিল চৰকাৰীভাৱে৷ কিন্তু বাস্তৱ ক্ষেত্রত মহানগৰ আৰক্ষী আৰু জিলা প্রশাসনে তেনে কোনো ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ ফলত ক্রমাৎ মহানগৰীখনত পুনৰ ক’ভিডৰ সংক্রমণ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে৷ কালি নিশা কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত আৰু সংশ্লিষ্ট বিষয়ববীয়াসকলৰ সৈতে এখন বৈঠকতো মিলিত হৈছে স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত৷ এই বৈঠকত তেওঁ আৰক্ষী আৰু প্রশাসনক কঠোৰ হ’বলৈ নির্দেশ দিছে৷ অৱশ্যে পৰৱর্তী সময়ত আৰক্ষী সঁচা অর্থত কঠোৰ হয় নে নহয়, সেয়া হ’ব লক্ষণীয়৷
প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে যোৱা ১ জুলাইৰ পৰা ৭ জুলাইলৈ গড় হিচাপত প্রতিদিনে ডেৰশতকৈ অধিক লোক মহানগৰীত ক’ভিডত আক্রান্ত হৈছে৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি ১ জুলাইত ১৭৬জন, ২ জুলাইত ১৮৬জন, ৩ জুলাইত ১৬৮জন, ৪ জুলাইত ১৪০জন, ৫ জুলাইত ১৯৭জন, ৬ জুলাইত ২০৩জন আৰু ৭ জুলাইত ১৮১জন লোক গুৱাহাটীত ক’ভিড আক্রান্ত হৈছে৷