নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী ষ্টেচনত ৩ দবা চুপাৰি জব্দ

ৰে’লযোগে বহিঃৰাজ্যলৈ অব্যাহত আছে চোৰাং সৰবৰাহ

নিয়মীয়া বার্তা, ২২ জুনঃ গুৱাহাটীৰ মাজেৰে বহিঃৰাজ্যলৈ অব্যাহত আছে চোৰাং চুপাৰিৰ সৰবৰাহ৷ কেইদিনমান পূর্বে গুৱাহাটীৰ ৰে’লৱে ষ্টেচনত চোৰাং চুপাৰি আৰু ইলাচী জব্দ কৰাৰ পাছত কালি পুনৰ তিনি দবা চোৰাং চুপাৰি জব্দ কৰে চৰকাৰী ৰে’ল আৰক্ষীয়ে৷ গুৱাহাটী ষ্টেচনত চলোৱা নিয়মীয়া তালাচীত মালবাহী বিশেষ ট্রেইনৰ পৰা এই বৃহৎ পৰিমাণৰ চুপাৰিখিনি জব্দ কৰিবলৈ সক্ষম হয়৷

জব্দকৃত চুপাৰিৰ দবাকেইটা শুল্ক বিভাগক গতাই দিয়ে৷ এই চোৰাং চুপাৰিখিনি ডিমাপুৰৰ পৰা হাওৰা আৰু দিল্লীলৈ নিয়াৰ কথা আছিল৷ কার্বি আংলঙৰ ডিফুৰ গংগোত্রী ট্রেডার্ছে এই চোৰাং চুপাৰিখিনি বহিঃৰাজ্যলৈ সৰবৰাহৰ চেষ্টা চলাইছিল৷ অৱশ্যে গংগোত্রী ট্রেডার্ছে চুপাৰিখিনি বৈধ বুলি দাবী কৰি নথি–পত্র আৰক্ষী আৰু শুল্ক বিভাগক দেখুৱাইছে বুলি জানিব পৰা গৈছে৷

নথিপত্রখিনি আচল নে নকল সেয়া পৰীক্ষাৰ অন্ততহে পোহৰলৈ আহিব যদিও গংগোত্রী ট্রেডার্ছে মাত্র ৫ শতাংশ জি এছ টিহে আদায় দিয়া বুলি ৰে’ল বিভাগৰ এক শীর্ষ সূত্রই সদৰী কৰিছে৷ মাত্র ৫ শতাংশ জি এছ টি আদায় দি কেনেদৰে এই বৃহৎ পৰিমাণৰ চুপাৰি বহিঃৰাজ্যলৈ গংগোত্রী ট্রেডার্ছে সৰবৰাহৰ চেষ্টা চলাইছিল, সেয়া তদন্ত কৰিলেই পোহৰলৈ আহিব৷

অভিযোগ অনুসৰি গংগোত্রী ট্রেডার্ছে ৰে’ল বিভাগ আৰু আৰক্ষী বিষয়া–কর্মচাৰীক মেনেজ কৰি চোৰাংকৈ দীর্ঘদিন ধৰি বহিঃৰাজ্যলৈ চুপাৰি সৰবৰাহ কৰি আহিছে৷

You might also like