ইউকো বেংক কর্তৃপক্ষৰ বিৰুদ্ধে গ্রাহকৰ ক্ষোভ
নিয়মীয়া বাৰ্তা ১ জুনঃ চন্দ্রপুৰস্থিত ইউকো বেংকৰ একমাত্র এ টি এম সেৱা বিগত এমাহ ধৰি বিকল হৈ আছে৷ ফলত এই সেৱাৰ পৰা বঞ্চিত হৈ আছে চন্দ্রপুৰৰ বেংক গ্রাহকসকল৷ আশ্চর্যজনকভাৱে মেৰামতিৰ বাবে কোনো ব্যৱস্থা কৰা নাই কর্তৃপক্ষই৷ উল্লেখ্য যে কেইবাদশক ধৰি ইউকো বেংকৰ এই শাখাটোৱে চন্দ্রপুৰবাসীক বেংকসেৱাৰ সুবিধা প্রদান কৰি আহিছে৷ কিন্তু বিগত কেইবছৰমানৰ পৰা এ টি এম সেৱা আগবঢ়াই আহিছে যদিও পূর্বে এবছৰতকৈও অধিক কাল সম্পূর্ণ বিকল হৈ আছিল৷ পৰৱর্তী সময়ত প্রায় দুমাহ পূর্বে পুনৰ এ টি এম সেৱা প্রৱর্তন কৰে বেংক কর্তৃপক্ষই৷ কিন্তু আশ্চর্যজনকভাৱে নতুনকৈ স্থাপন কৰাৰ এমাহ নৌহওঁতেই পুনৰ বিকল হৈ পৰে এ টি এমটো৷
ফলত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে অঞ্চলবাসী৷ বিশেষকৈ ক’ৰোনাৰ সংক্রমণৰ বাবে চৰকাৰে জাৰি কৰা আংশিক লকডাউন আৰু ক’ৰোনা সংক্রমণৰ পৰা ৰক্ষা পাবলৈ বেংকত অযথা ভিৰৰ সন্মুখীন নহ’বৰ বাবে সাধাৰণতে সর্বসাধাৰণ গ্রাহকে এ টি এমৰ সেৱা গ্রহণ কৰে যদিও এই এ টি এমটো বিকল থকাৰ পিছৰে পৰা হাহাকাৰ অৱস্থাৰ সন্মুখীন হৈছে গ্রাহকসকল৷ তাৰ পিছতো বেংক কর্তৃপক্ষই এ টি এমটো মেৰামতি কৰাৰ বাবে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ একপ্রকাৰ চৰম হেমাহি প্রদর্শন কৰাৰ অভিযোগ উত্থাপন হৈছে বেংক শাখাৰ কর্তৃপক্ষৰ বিৰুদ্ধে৷ ইয়াৰ বাবে ক্ষুব্ধ হৈ পৰিছে অঞ্চলবাসী৷ শেহতীয়াকৈ ক্ষুব্ধ ৰাইজ তথা গ্রাহকে শীঘ্রে এ টি এমটো মেৰামতি কৰাৰ দাবী উত্থাপন কৰিছে৷