নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টুলুঙা নাৱেৰে যাতায়াত হাতীবাগৰা–মিকিৰপাম্

ঠিকাদাৰৰ মইমতালিঃ আঢ়ৈ বছৰে অসম্পূর্ণ মায়ঙৰ পকী দলং

নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ এটা ঠিকাদাৰ প্রতিষ্ঠানৰ চৰম হেমাহি আৰু লেহেমীয়া গতিৰ নির্মাণকার্যৰ বাবে বিগত প্রায় আঢ়ৈ বছৰে অসম্পূর্ণ হৈ আছে মহানগৰীৰ পার্শ্বৱর্তী পশ্চিম মায়ঙৰ এটা অতি ব্যস্ত পথৰ পকী দলং৷ ফলত যাতায়াতৰ ক্ষেত্রত যমৰ যাতনা ভুগিছে হাতীবাগৰা, মিকিৰপামকে ধৰি বিভিন্ন অঞ্চলৰ ৰাইজে৷ একমাত্র টুলুঙা নাৱকে সাৰথি কৰি যাতায়াত কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰৰ ভাৰত নির্মাণ আঁচনিৰ প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ অধীনত এখন পকী দলংসহ ডেৰ কিলোমিটাৰ দৈর্ঘ্যৰ এটা পথ পকীকৰণৰ প্রকল্প হাতত লয় কামৰূপ মহানগৰ জিলাৰ গড়কাপ্ঢানী বিভাগৰ গুৱাহাটী গ্রাম্য সংমণ্ডলে৷ তথ্য অনুসৰি হাতীবাগৰাৰ পৰা মিকিৰপামলৈ যোৱা ডেৰ কিলোমিটাৰ পথটো নির্মাণৰ দায়িত্ব লাভ কৰে মেচার্র্ছ এচকন নামৰ ঠিকাদাৰ প্রতিষ্ঠানটোৱে৷ সেই অনুসৰি প্রতিষ্ঠানটোৱে ২০১৮ বর্ষৰ এপ্রিল মাহতে পথটোৰ কাম আৰম্ভ কৰি প্রায় চাৰিশ মিটাৰ পথৰ কাম সম্পূর্ণ কৰে৷ তাৰ পাছতে পথটোত থকা এটা জানৰ ওপৰত এখন দলঙৰ কাম আৰম্ভ কৰে প্রতিষ্ঠানটোৱে৷ কিন্তু মন কৰিবলগীয়া কথাটো হ’ল যে প্রথম অৱস্থাত যুদ্ধকালীন গতিৰে দলংখনৰ নির্মাণকার্য আৰম্ভ কৰে৷ ফলত স্থানীয় ৰাইজেও দীর্ঘদিনীয়া বিপদসংকুল যাত্রাৰ অৱসান ঘটাৰ সপোন দেখিছিল৷ কিন্তু দুটা দিশৰ খুঁটা দুটা থিয় কৰি ওপৰৰ ঢ়ালাই দিয়াৰ পাছত বিগত দুবছৰে কোনো কাম কৰা নাই ঠিকাদাৰ প্রতিষ্ঠানটোৱে৷ ইয়াৰ ফলত যমৰ যাতনা ভুগিছে বাসিন্দাসকলে৷ পূর্বতেও ৰাইজে বাৰিষাকালত নাও ব্যৱহাৰ কৰাৰ বিপৰীতে খৰালি খোজকাঢ়ি অহা–যোৱা কৰিব পাৰিছিল যদিও দলং নির্মাণৰ বাবে দ গাঁতৰ সৃষ্টি কৰাত সম্প্রতি বাৰ মাহে জানটোৰে অহা–যোৱা কৰাৰ ক্ষেত্রত নাও ব্যৱহাৰ কৰিবলগা হৈছে৷ বিশেষকৈ বিদ্যালয়লৈ কণ কণ ছাত্র–ছাত্রীসকলেও টুলুঙা নাৱেৰে বিপদসংকুলভাৱে যাতায়াত কৰিবলগা হয়৷ তদুপৰি কৃষিকর্মৰে জীৱন নির্বাহ কৰা দুইখন গাঁৱৰ পুৰুষ–মহিলাৰ বাবে এতিয়া নৌকাযাত্রাই একমাত্র সম্বল হৈছে৷ উল্লেখ্য যে যাতায়াতৰ এনে অসুবিধাৰ কথা দোহাৰি স্থানীয় ৰাইজে নির্মাণ প্রতিষ্ঠানটোৰ স্বত্বাধিকাৰী আৰু বিভাগীয় লোকক দলংখনৰ কাম শীঘ্রে সম্পূর্ণ কৰি তুলিবলৈ বাৰম্বাৰ দাবী জনাই আহিছে যদিও কোনো পক্ষই গুৰুত্ব আৰোপ কৰা নাই৷ বিভাগীয় সূত্রই জানিবলৈ দিয়া মতে, বিভাগে বান্ধি দিয়া নির্মাণৰ অন্তিম সময় ইতিমধ্যে পাৰ হৈ গৈছে৷ জানিব পৰা মতে, প্রতিষ্ঠানটোৱে লকডাউনৰ অজুহাত দেখুৱাই কাম বন্ধৰ কথা প্রকাশ কৰিছে৷ কিন্তু শেহতীয়াকৈ অত্যাৱশ্যকীয় নির্মাণকার্য চলাবলৈ চৰকাৰে অনুমতি দিয়াৰ পাছতো ৰহস্যজনক কাৰণত এইপর্যন্ত আৰম্ভ কৰা নাই৷ দলংখন সম্পূর্ণ নোহোৱা বাবেই পৰৱর্তী প্রায় এক কিলোমিটাৰ পথ নির্মাণতো বিলম্ব হোৱাৰ সম্ভাৱনা দেখা গৈছে৷ জানিব পৰা মতে, উক্ত আঁচনি সলনি কৰি বহু কোটি টকা ধার্য কৰা হৈছে৷ কিন্তু ফলকখন এতিয়ালৈ সলনি নকৰাত ইয়াৰ ভিতৰত কিবা ৰহস্য থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে৷ সেয়ে ফলকখন সলনি কৰাৰ লগতে দলংখনসহ পথটোৰ শীঘ্রে নির্মাণকার্য সম্পূর্ণ কৰিবলৈ অঞ্চলবাসীয়ে দাবী জনাইছে৷

You might also like