মেগজিনত ৰাজমিস্ত্রীক লোৰ ৰডেৰে হানি নৃশংস হত্যা
নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা৷ মহানগৰ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ উদঙাই পুনৰ পাথৰকোৱেৰীৰ মেগজিনত এজন যুৱকক দুষৃকতিকাৰীয়ে লোৰ ৰডেৰে হানি–খুঁচি নৃশংসভাৱে হত্যা কৰে৷ এই ঘটনাক লৈ অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ মৃত যুৱকজন হৈছে ছয়মাইলৰ ৰাধা নগৰৰ মুন্না আলী (৩০)৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে মুন্না আলীয়ে পাথৰকোৱেৰী অঞ্চলত ৰাজমিস্ত্রী কাম কৰি পৰিয়াল পোহপাল দি আছিল৷ সোমবাৰে সন্ধিয়া ঘৰৰ পৰা ওলাই আহে যদিও নিশাৰ ভাগত ঘৰলৈ উভতি নোযোৱাত মুন্নাক পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ–খোঁচাৰ কৰি ক’তো সম্ভেদ নাপালে৷ মঙলবাৰে পুৱা পাথৰকোৱেৰীৰ মেগজিনৰ শিল সাঁকো বিলৰ পাৰৰ এটা নির্মীয়মাণ ঘৰৰ চৌহদত তেজেৰে লুতুৰি পুতুৰি অর্ধ উলংগ অৱস্থাত স্থানীয় ৰাইজে এটা মৃতদেহ প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাত স্থানীয় ৰাইজে মৃত লোকজন মুন্না আলী বুলি চিনাক্ত কৰে৷ ইয়াৰ পাছতে মুন্নাৰ পৰিয়ালক খবৰ দিয়ে৷ মুন্নাৰ পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মুন্নাৰ বুলি চিনাক্ত কৰে৷ মৃতদেহটোৰ কাষত ম’বাইল ফোন, লোৰ ৰড, জোতা আদি পৰি থকালৈ চাই দলবদ্ধভাৱে মুন্না আলীকহানি–খুঁচি হত্যা কৰা বুলি পৰিয়াল আৰু স্থানীয় লোকে দাবী কৰিছে৷ ঘটনা সংঘটিত হোৱা স্থানৰ চাৰিডাল জোঙা ৰডত মাংসৰ টুকুৰা লাগি থকা বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে৷ মুন্নাৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি নুনমাটি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ ইফালে নুনমাটি থানাৰ ভাৰপ্রাপ্ত বিষয়াগৰাকীয়ে প্রার্থমিক তদন্তৰ অন্তত এয়া হত্যাকাণ্ড নহয় বুলি জানিবলৈ দিছে৷ অত্যাধিক সুৰাপাণ কৰাৰ ফলত লোৰ ৰডত ভৰি সোমাই ৰক্তক্ষৰণ আৰু লোকজন নিশাটো মাটিত পৰি থকাৰ ফলতেই মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে৷ অৱশ্যে ঘটনা সন্দর্ভত এতিয়াও তদন্ত অব্যাহত আছে৷ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন পোৱাৰ পাছতহে এয়া হত্যাকাণ্ড নে আন কিবা সেয়া পোহৰলৈ আহিব বুলি ভাৰপ্রাপ্ত আৰক্ষী বিষয়াজনে ভাষ্য প্রদান কৰে৷