দিছপুৰত তীব্রবেগী বাহনৰ খুন্দাত কনিষ্টবলৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ যান–বাহন আইন উলংঘা কৰি নিশাৰ ৰাজপথত দৌৰাত্ম্য অব্যাহত ৰাখিছে একাংশ চালকে৷ কালি নিশা চালকৰ দৌৰাত্ম্যৰ বাবেই দিছপুৰৰ জনতা ভৱনৰ সন্মুখত এক শোকাৱহ পথ দুর্ঘটনা সংঘটিত হয়৷ নিশা প্রায় ১১.১৫ বজাত ছুপাৰ মার্কেটৰ পৰা গণেশগুৰি অভিমুখী এ এছ–০১ ডি ডব্লিউ–১০০৯ নম্বৰৰ তীব্রবেগী জিপছী বাহনখনে একে দিশে গৈ থকা এখন বুলেটত পিছফালৰ পৰা খুন্দা মাৰে৷ ফলত বুলেট আৰোহী ৰাজীৱ সিন্হা (৪১) নামৰ আৰক্ষী কনিষ্টবলজন গুৰুতৰভাৱে আহত হয়৷
দিছপুৰ থানাৰ আৰক্ষীয়ে আহত কনিষ্টবল ৰাজীৱক ততাতৈয়াকৈ জি এম চি এইচত ভর্তি কৰায়৷ কিন্তু ৰাজীৱৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে পলিক্লিনিকত ভর্তি কৰায়৷ আজি পুৱা ৮.২০ বজাত চিকিৎসাধীন অৱস্থাত কনিষ্টবল ৰাজীৱ সিন্হাই শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত ৰাজীৱে পত্নীৰ লগতে দুই সন্তানক এৰি যায়৷ উল্লেখ্য যে আৰক্ষী আয়ুক্তৰ কার্যালয়ত কর্মৰত আছিল সিন্হা৷