ৰূপনগৰত ছাদৰ পৰা পৰি অধ্যাপিকাৰ মৃত্যু
নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ বিশিষ্ট লেখিকা তথা অধ্যাপিকা ড০ উর্মি লহকৰৰ কালি নিশা এটা দুর্ঘটনাত পতিত হৈ মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়৷ ১৯৬৮ চনত জন্মগ্রহণ কৰা লহকৰৰ মৃত্যুৰ সময়ত বয়স আছিল ৫২ বছৰ৷ মৃত্যুৰ সময়ত তেওঁ স্বামী দীপ দক্ষিণা কাকতি, এজন পুত্র আৰু এগৰাকী কন্যাসহ বহু আত্মীয়–স্বজনক এৰি থৈ যায়৷
জানিব পৰা মতে, গুৱাহাটীৰ ৰূপনগৰৰ নিজা বাসভৱনৰ দ্বিতীয় মহলাৰ ছাদত মেলি দিয়া কাপোৰ আনিবলৈ গৈ অসাৱধানবশতঃ ছাদৰ পৰা পৰি মৃত্যু হয়৷ তেওঁৰ মৃত্যুত সদৌ অসম ডায়েট বিষয়া সন্থা, ৰূপনগৰ বিৰুবাৰী শাখা সাহিত্য সভা, গণেশপাৰা আধুনিক সাহিত্য সমাজকে ধৰি বিভিন্ন দল–সংগঠনে গভীৰ শোক প্রকাশ কৰি শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ উল্লেখ্য যে তেওঁ দুধনৈ ডায়েটত জ্যেষ্ঠ অধ্যাপিকা হিচাপে কার্যনির্বাহ কৰি আছিল৷