লকডাউনৰ প্ৰভাৱঃ ৰাণীত এতিয়া ক’লা ধোঁৱাহীন আকাশ, প্ৰকৃতিৰ পুনৰ জীৱন লাভ
নিয়মীয়া বার্তা, ৪ আগষ্টঃ লকডাউনে অৰ্থনৈতিকভাৱে বহুতকে ক্ষতিগ্ৰস্ত কৰিছে যদিও প্ৰকৃতিৰ বাবে হৈ পৰিছে আশীৰ্বাদ। ইয়াৰ প্ৰমাণ পোৱা গ’ল ৰাণীত।
মহানগৰী আজাৰাৰ নিকটৱর্তী ৰাণী–পাটগাঁৱৰ ধনীপাৰাস্থিত কুবেৰ টিউবছ এণ্ড ফিটিংছ প্রাইভেট লিমিটেড নামৰ উদ্যোগটোৰ ক’লা ধোঁৱাই অঞ্চলটোৰ জনসাধাৰণৰ জীৱনৰ প্রতি ভাবুকি কঢ়িয়াই আনিছিল ৷ ক’লা প্রদূষিত ধোঁৱাৰ বিৰুদ্ধে অঞ্চলটোৰ মহিলা সমিতিসমূহে আজাৰা ৰাজহ চক্র বিষয়াৰ হাতত উদ্যোগটো বন্ধ কৰিবলৈ অথবা জনবসতি অঞ্চলৰ পৰা উদ্যোগ নগৰীলৈ স্থানান্তৰ কৰিবলৈ স্মাৰক–পত্রৰ জৰিয়তে অনুৰোধো জনাইছিল৷
কিন্তু চৰকাৰ তথা প্রশাসনে একো ব্যৱস্থা গ্রহণ নকৰাৰ ফলত অঞ্চলবাসী ৰাইজ মূৰৰ বিষ, খজুৱতি, হৃদৰোগ, চর্মৰোগ, পেটফুলা আদি ৰোগত আক্রান্ত হৈছিল৷ আনহাতে, অঞ্চলটোত শব্দ আৰু বায়ু প্রদূষিত হোৱাৰ ফলত অঞ্চলটোৰ গছ–গছনিবোৰো পর্যায়ক্রমে শুকাই মৰি যাব ধৰিছিল৷
কিন্তু দেশজুৰি ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ প্রতি লক্ষ্য ৰাখি চাৰি মাহ ধৰি চলা লকডাউন পাটগাঁও–ধনীপাৰাবাসী লোকৰ কাৰণে আশীর্বাদ স্বৰূপ হৈ পৰিল৷ কাৰণ বিগত চাৰি মাহে কুবেৰ টিউবচ এণ্ড ফিটিং প্রাইভেট লিমিটেড নামৰ উদ্যোগটো বন্ধ হৈ আছে৷ ফলত অঞ্চলটোৰ জনসাধাৰণৰ জীৱন স্বাভাৱিক হৈ আহিছে৷
বিগত চাৰি মাহে নতুনকৈ কোনো লোক কোনোধৰণৰ বেমাৰত আক্রান্ত হোৱা নাই৷ আনকি শুকাই যাবলৈ ধৰা গছ–লতায়ো প্রাণ পাই ঠন ধৰি উঠিছে৷
এই সন্দর্ভত পাটগাঁও মিলনপাৰা মহিলা সমিতিৰ সভানেত্রী ডালিমী দাস, সম্পাদিকা অম্বিকা দেৱী দাস আৰু পাটগাঁও ধনীপাৰা মহিলা সমিতিৰ সভানেত্রী কল্পনা বড়ো আৰু সম্পাদিকা ধনদা বড়োৱে কয় যে কোম্পানীটোৰ বিৰুদ্ধে আমি বিগত এবছৰত বহুবাৰ আজাৰা ৰাজহ চক্রৰ চক্র বিষয়াক স্মাৰক–পত্র প্রদান কৰিছোঁ৷ কিন্তু একো ফল নাপালোঁ। কিন্তু লকডাউনে আমাৰ বাবে আনিলে আশাৰ বতৰা, কাৰণ লকডাউনৰ বাবে উদ্যোগটো বন্ধ হৈ আছে বাবেই আমি কিছু শান্তিৰে উশাহ ল’ব পাৰিছোঁ৷