নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰঃ গুৱাহাটী মহানগৰীত একাংশ যুৱক ড্রাগছ, সুৰা, গাঞ্জা সেৱনকে ধৰি নানাধৰণৰ নিচাযুক্ত আৰু ৰাগিয়াল দ্রব্য সেৱন, মহিলাৰ ডিঙিৰ চেইন থপিয়াই নিয়া আৰু চুৰিকাণ্ডত জড়িত থকাৰ বিষয়ে সময়ে সময়ে বাতৰি প্রকাশ পাই আহিছে৷
ইয়াৰ মাজতে মালিগাঁও বৰিপাৰাত সংঘটিত এক চুৰিকাণ্ডৰ ঘটনাত তেনে ড্রাগছ বা নিচাযুক্ত যুৱক ধৰা পৰা আৰু ধৃত যুৱকে চুৰি কৰা সামগ্রী নির্দিষ্ট ডেম্পত বিক্রী কৰি তাৰ পৰা পোৱা ধনৰে ড্রাগছ ক্রয় কৰা বুলি দিয়া স্বীকাৰোক্তিয়ে মহানগৰীত ফাঁচীবজাৰ, আদাবাৰীকে ধৰি একাংশ ডেম্পৰ মালিকে নিচাযুক্ত দ্রব্য সেৱনত যুৱকক উৎসাহিত কৰি চুৰিকার্যত জড়িত কৰা বিষয়টো পোহৰলৈ আহিছে৷
বৰিপাৰা নিৱাসী তথা গুৱাহাটী পৌৰ নিগমৰ ৫নং ৱার্ডৰ প্রাক্তন পাৰিষদ বিউটি ৰাজবংশীৰ ঘৰৰ চৌহদৰ পৰা ১৮ আগষ্টৰ নিশা বাচন-বর্তন, চাকিকে ধৰি পিতলৰ বহু মূল্যৱান সামগ্রী চুৰি হৈছিল৷ এই সন্দর্ভত বিউটি ৰাজবংশীয়ে পাছদিনা স্থানীয় জালুকবাৰী থানাত এজাহাৰ দাখিল কৰিছিল৷ আৰক্ষীয়ে তদন্ত কৰি এই চুৰিকার্যত এই ড্রাগছ আসক্ত যুৱক কৃষ্ণ বর্মন আৰু ফলাবাবু জড়িত থকাটো নিশ্চিত কৰি ২৯ আগষ্টত কৃষ্ণ বর্মনক আটক কৰিবলৈ সক্ষম হয়৷
ধৃত কৃষ্ণই আদাবাৰী বাছ আস্থানত ভঙা–ছিঙা সামগ্রীৰ ব্যৱসায় কৰা হাইনুল আলীক (পেটলা) সামগ্রীসমূহ বিক্রী কৰা বুলি স্বীকাৰোক্তি দিয়ে৷ আৰক্ষীয়ে হাইনুল আলীক আটক কৰাত হাইনুলে চুৰি কৰা সামগ্রীসমূহ ফাঁচীবজাৰত এটা ডেম্পত বিক্রী কৰা বুলি আৰক্ষীক অৱগত কৰে৷ জালুকবাৰী আৰক্ষীয়ে ফাঁচীবজাৰৰ ডেম্পত অভিযান চলায় বিউটি ৰাজবংশীৰ ঘৰৰ পৰা কৃষ্ণই চুৰি কৰা পিতলৰ সা–সামগ্রীৰ কিছু উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
ইফালে ২৯ আগষ্টত জালুকবাৰী আৰক্ষীয়ে চুৰিকার্যত জড়িত কৃষ্ণ বর্মন আৰু আদাবাৰীৰ ডেম্পৰ মালিক হাইনুল আলীক আদালতৰ জৰিয়তে জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ জানিব পৰা মতে ফাঁচীবজাৰৰ নির্দিষ্ট ডেম্পটোৰ পৰা মহানগৰীখনৰ চুকে–কোণে থকা সৰু–সুৰা ডেম্পসমূহ নিয়ন্ত্রণ হয়৷ গুৱাহাটী অলিয়ে–গলিয়ে গঢ় লৈ উঠা ড্রাগছৰ ঘাটিসমূহৰ পৰা একাংশ কিশোৰ, চেমনীয়া আৰু কিশোৰে নিয়মীয়াকৈ ড্রাগছ ক্রয় কৰি সেৱন কৰে৷