নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধাৰাপুৰৰ মজলিত নির্বাচনী হিংসাত অভিযুক্ত তিনিজনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ১০ এপ্ৰিলঃ ই ভি এমক কেন্দ্র কৰি পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তর্গত ধাৰাপুৰৰ মজলিত সৃষ্টি হোৱা তীব্র উত্তেজনাময় পৰিস্থিতিত উচটনি যোগোৱা তিনিজন যুৱকক আজি আৰক্ষীয়ে আটক কৰি জে’ললৈ প্রেৰণ কৰে৷ প্রাপ্ত বাতৰি মতে নির্ধাৰিত সময় সন্ধিয়া ৬ বজাত ভোট গ্রহণ পর্ব সম্পন্ন হোৱাৰ পিছত মজলিৰ ৯২নং ভোটগ্রহণ কেন্দ্রটোৰ পৰা প্রশাসনে দিয়া বাহনেৰে ই ভি এম লৈ যোৱাৰ যো–জা চলোৱাৰ সময়তে ছেক্টৰ বিষয়াগৰাকীৰ গাডীত দুটা ই ভি এম একাংশ ভোটাৰে প্রত্যক্ষ কৰি তীব্র উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে৷ আনকি একাংশ ভোটাৰে ছেক্টৰ বিষয়াগৰাকীৰ বাহনত আক্রমণো কৰে৷ পিছত পৰিস্থিতি আৰু অধিক জটিল হোৱাত পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে শূন্যলৈ ৪১ জাঁই গুলীচালনা কৰিবলগীয়া হয়৷ ইয়াৰ পিছতো পৰিস্থিতি নিয়ন্ত্রণলৈ নহাত চি আৰ পি এফে অঞ্চলটোত ফ্লেগমার্চ কৰে৷ উক্ত ঘটনা সন্দর্ভত ৬নং ছেক্টৰ বিষয়া এ এছ আই বলভদ্র কলিতা ২২৭/২০২১ নম্বৰত আৰু চিভিল ছেক্টৰ বিষয়াগৰাকীয়ে ২২৭/২০২১ নম্বৰত দুটাকৈ গোচৰ ৰুজু কৰে৷ উক্ত গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই আজি মজলিৰ নবী আলীৰ পুত্র মাচুম আলী (২৬), আজনুৰ আলীৰ পুত্র মইনুল আলী (৪০) আৰু গৰৈমাৰী টুকুৰাপাৰাৰ আজাদ আলীৰ পুত্র ফাইজুদ্দিন আলী (১৯)ক আজি আজাৰা আৰক্ষীয়ে আটক কৰি জে’ললৈ প্রেৰণ কৰে৷

You might also like