নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেলতলা চাৰিআলিৰ পৰা বাহন চুৰি

গুৱাহাটীত সক্রিয় গাড়ী চুৰি চক্র

নিয়মীয়া বাৰ্তা ১০ এপ্ৰিলঃ গুৱাহাটীত পুনৰ সক্রিয় হৈ পৰিছে গাড়ী চুৰি চক্র৷ আন্তঃৰাজ্যিক এই গাড়ী চুৰি চক্রটোৱে গুৱাহাটীত বাহৰ পাতি মহানগৰীৰ বিভিন্ন স্থানৰ পৰা গাড়ী চুৰি কৰি চুবুৰীয়া ৰাজ্য মেঘালয়, মণিপুৰ, নাগালেণ্ডত বিক্রী কৰি আহিছে৷ এই গাড়ী চুৰি চক্রটোৱে শুকুৰবাৰে দিন দুপৰতে বেলতলাৰ পৰা এ এছ–০১ ডি এন–৬৫২৬ নম্বৰৰ ইয়ন বাহনখন চুৰি কৰি নিয়ে৷ শুকুৰবাৰে দিনৰ প্রায় ১.১৫ বজাত বেলতলা চাৰিআলিত ভাস্কৰ কলিতা নামৰ লোকজনে বাহনখন পার্কিং কৰি বজাৰ কৰিবলৈ যায়৷ কিছু সময় পিছত ঘূৰি আহি ভাস্কৰ কলিতাই বাহনখন দেখা নাপাই আৰক্ষীক খবৰ দিয়ে৷ ঘটনা সন্দর্ভত বশিষ্ঠ থানাত ভুক্তভোগী ভাস্কৰ কলিতাই এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে চুৰি বাহনখনৰ সন্ধান উলিয়াব পৰা নাই৷

You might also like