নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানস ছার্ভিচ ষ্টেচনত পানী মিহলি ডিজেল বিক্রী

নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট: অত্যাৱশ্যকীয় সামগ্রীৰ লগতে নিৰৱচ্ছিন্নভাৱে বৃদ্ধি হোৱা পেট্র’ল–ডিজেলৰ আকাংশলংঘী মূল্যই মহানগৰীৰ গ্রাহকসকলক মাধমাৰ শোধাই আহিছে৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে চৰকাৰ প্রশাসনে জাৰি কৰা লকডাউন তথা আনলকৰ সময়ছোৱাত মহানগৰবাসীয়ে বিভিন্ন দুর্যোগৰ মাজত জীৱিকা চলাই থকাৰ মাজতেই মূল্যবৃদ্ধিয়ে মহানগৰবাসীক জুৰুলা কৰিছে৷ বিশেষকৈ পেট্র’ল–ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বাবে ব্যৱসায়িক আৰু ব্যক্তিগত যান–বাহনৰ চলাচলত বিশেষ অসুবিধাৰ সন্মুখীন হৈছে৷ যি সময়ত পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিয়ে বাহনৰ গৰাকীক জুৰুলা কৰিছে, সেই সময়তে মহানগৰীৰ একাংশ পেট্র’ল পাম্পত ভেজাল ইন্ধন বিক্রীৰ অভিযোগ উত্থাপন হৈছে৷

মহানগৰীৰ নুনমাটি থানাৰ অন্তর্গত মঠঘৰীয়াৰ এটা পেট্র’ল–পাম্পত  পানী মিহলি ডিজেল বিক্রী কৰাৰ তথ্য পোহৰলৈ আহিছে৷ প্রাপ্ত তথ্য মতে, আজি দিনৰ ভাগত মহানগৰীৰ মঠঘৰীয়াৰ কার্বন গেটত থকা ‘মানস ছার্ভিচ ষ্টেচনত সংঘটিত হয় এক অকল্পনীয় ঘটনা৷ পেট্র’ল পাম্পটোত বাহনত তেল ভৰাবলৈ আহি গ্রাহকে তেলৰ সলনি পালে পানী৷ এখন–দুখন নহয়, কেইবাখনো বাহনত আজি দিনৰ ভাগত কেইবাজনো গ্রাহকে বাহনত ডিজেল ভৰাবলৈ আহিছিল এই পেট্র’ল পাম্পটোত৷ পিছে ডিজেল ভৰাই আধা বাট যোৱাৰ পাছতেই বন্ধ হৈ পৰিছিল এখন–দুখনকৈ সকলো বাহন৷ গ্রাহকে ইয়াৰ পাছতেই আহি পাম্প কর্তৃপক্ষক অভিযোগ দিয়াত গ্রাহক আৰু পাম্প কর্তৃপক্ষৰ মাজত সৃষ্টি হয় বাক্যুদ্ধ৷ ইয়াৰ পাছতেই গ্রাহকসকলে সংবাদ মাধ্যমৰ লোকক অৱগত কৰাত সাংবাদিকৰ দল এটা পাম্পটোত উপস্থিত হৈ শোধা–পোছা কৰাত কর্তৃপক্ষই নিজৰ ভুল স্বীকাৰ কৰে৷ অৱশেষত গ্রাহক আৰু পাম্প কর্তৃপক্ষৰ মাজত হোৱা বাক্বিতণ্ডাৰ পাছত বিকল বাহনসমূহ পেট্র’ল পাম্প কর্তৃপক্ষই মেৰামতি কৰি দিয়াৰ দায়িত্ব গ্রহণ কৰা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে আন একাংশ গ্রাহকৰ অভিযোগ মতে মঠঘৰীয়াৰ এই পাম্পটোত ইয়াৰ পূর্বেও অনুৰূপ ঘটনা সংঘটিত হৈছিল৷

You might also like