নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজহ চক্র কার্যালয়ৰ মণ্ডল গীতেন্দ্রক গ্রেপ্তাৰ

দিছপুৰ চক্রৰ কার্যালয়ত দালালৰাজ- অপৰাধ অনুসন্ধান বিভাগৰ অভিযান

নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ বিভিন্ন ৰাজহ চক্র কার্যালয়ত একাংশ মণ্ডলে ভূমিৰ জৰীপ, নামজাৰিকে ধৰি বিভিন্ন কামৰ নামত ব্যাপক হাৰত ধন সংগ্রহ কৰি আহিছে৷ মুখ্যমন্ত্রীয়ে ৰাজহ চক্র কার্যালয়ত চলি থকা দালালৰাজ উৎখাতৰ বাবে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ কিন্তু মুখ্যমন্ত্রীৰ নির্দেশক অংগুষ্ঠ প্রদর্শন কৰি একাংশ মণ্ডলে দালালৰ সহযোগত অব্যাহত ৰাখিছে দালালৰাজ৷ শেহতীয়াকৈ অপৰাধ অনুসন্ধান শাখাই দিছপুৰ ৰাজহ চক্র কার্যালয়ৰ লাট মণ্ডল গীতেন্দ্র তালুকদাৰক ভূমি সংক্রান্তীয় গোচৰৰ ভিত্তিত গ্রেপ্তাৰ কৰে৷ অপৰাধ অনুসন্ধান বিভাগৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি লাট মণ্ডল গীতেন্দ্র তালুকদাৰৰ বিৰুদ্ধে ২০২১ চনত চি আই ডি ত ৰুজু হোৱা গোচৰটোৰ ভিত্তিত কালি গ্রেপ্তাৰ কৰা হয়৷ লাট মণ্ডল গীতেন্দ্র তালুকদাৰক কালি বিয়লি প্রায় ৪ বজাত দিছপুৰ ৰাজহ চক্র কার্যালয়ৰ পৰাই চি আই ডিৰ এটা দলে গ্রেপ্তাৰ কৰে৷

উল্লেখ্য যে দিছপুৰ ৰাজহ চক্র কার্যালয়ত লাট মণ্ডল গীতেন্দ্র তালুকদাৰৰ সহযোগী এটা দালালক বশিষ্ঠ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল৷ তেতিয়াই মণ্ডল গীতেন্দ্র তালুকদাৰৰ বিৰুদ্ধে চি আই ডিত এটা গোচৰ ৰুজু হৈছিল৷ উক্ত গোচৰটোৰ ভিত্তিতে লাট মণ্ডলক চি আই ডিয়ে গ্রেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে৷ লক্ষণীয় যে বিভিন্ন দুর্নীতিৰ অভিযোগত অভিযুক্ত লাট মণ্ডল গীতেন্দ্র তালুকদাৰ এটা সাধাৰণ উদাহৰণহে৷ এইগৰাকী লাট মণ্ডলৰ বিৰুদ্ধে ‘নিয়মীয়া বার্তা’ কাকতত তথ্যসহকাৰে বাতৰি প্রকাশ পাইছিল৷ এই বাতৰি প্রকাশিত হোৱাৰ পাছতে কামৰূপ মহানগৰ জিলা উপায়ুক্তই মণ্ডল গীতেন্দ্র তালুকদাৰক চাকৰিৰ পৰা নিলম্বন কৰিছিল৷ ঠিক একেদৰে বিভিন্ন ৰাজহ চক্রৰ কার্যালয়ত মণ্ডলৰ সহযোগত এতিয়াও দালালৰাজ চলি আছে৷ কিছুদিন পূর্বে ‘নিয়মীয়া বার্তা’ কাকতত চন্দ্রপুৰ ৰাজহ চক্র কার্যালয়ত চলি থকা দালালৰাজৰ বিৰুদ্ধে তথ্যসহকাৰে প্রকাশ পাইছিল৷ চক্র বিষয়া জিণ্টু বৰাৰ পৃষ্ঠপোষকতাতে কার্যালয়টোত কর্মৰত মণ্ডল জিতেন দাস, মৃগেন দেউৰী, সুকুমাৰ ৰাভা, বসন্ত ৰাভা, স্বপ্ণা মেধি, অচ্যুত দাসকে ধৰি অন্যান্য কর্মচাৰীসকলে দালালৰাজ চলাই আহিছে৷ এইসকল দুর্নীতিগ্রস্ত মণ্ডলৰ বিৰুদ্ধে আজিলৈকে জিলা উপায়ুক্তই কোনো ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত নহ’ল৷ তদুপৰি চন্দ্রপুৰ ৰাজহ চক্র বিষয়া জিণ্টু বৰাৰ বিৰুদ্ধে স্থানীয় বিধায়কেও মুখ্যমন্ত্রীক লিখিত অভিযোগ দাখিল কৰিছে৷

You might also like