নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিলা পৰিবহণৰ ‘পথ সুৰক্ষা মিত্র’ৰ প্রশিক্ষণ

নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ  ৰাজ্য চৰকাৰৰ নির্দেশনা অনুসৰি ৬ জানুৱাৰীত গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কার্যালয়ৰ সভাগৃহত ‘পথ সুৰক্ষা মিত্র’ৰ স্বেচ্ছাসেৱকৰ প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়৷ জিলা পৰিবহণ বিষয়া কার্যালয়ৰ উদ্যোগত, প্রথম এনডিআৰএফ বেটেলিয়ন, জিলা দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণ (ডিডিএমএ) আৰু কামৰূপ মহানগৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কার্যালয়ৰ সহযোগত অনুষ্ঠিত কার্যসূচীত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ নির্বাচিত স্বেচ্ছাসেৱকৰ প্রশিক্ষণৰ শুভাৰম্ভ কৰা হয়৷ কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ পৰিচালনাত অনুষ্ঠিত কার্যসূচীত প্রথম এনডিআৰএফৰ পৰিদর্শক বাণীকান্ত টাইদৰ নেতৃত্বত অহা ৬জনীয়া দলটোৱে স্বেচ্ছাসেৱকসকলক দুর্ঘটনা সংঘটিত হোৱাৰ পিছত আহত লোকজনক আঘাতৰ প্রকাৰ অনুসৰি কেনেধৰণৰ প্রাথমিক চিকিৎসা প্রদানেৰে এম্বুলেঞ্চ আহি পোৱাৰ সময়লৈকে কিছু সুস্থ কৰি তৎক্ষণাৎ ওচৰৰ চিকিৎসালয়লৈ নি মৃত্যুমুখৰ পৰা যথাসম্ভৱ ৰক্ষা কৰিব পাৰি, তাৰ প্রশিক্ষণ প্রদান কৰে৷ কার্যসূচীত কামৰূপ মহানগৰ জিলাৰ আঞ্চলিক পৰিবহণ প্রাধিকৰণৰ সচিব ৰফিকুল ইছলাম, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কার্যালয়ৰ বিষয়া মীনাক্ষি মহন্ত, কামৰূপ মহানগৰ ডি ডি এম এৰ প্রকল্প বিষয়া কৌস্তভ তালুকদাৰ, দিছপুৰ উদয়াচল হাইস্কুলৰ শিক্ষক হিতেশ চন্দ্র শর্মা, কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ কেইবাজনো মটৰ পৰিদর্শক আৰু প্রৱর্তক পৰিদর্শক উপস্থিত থাকে৷

You might also like