নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুৱতী হ’ব লাগিব চাকৰিয়াল যৌতুকত দিব লাগিব ১০লাখ টকা

নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ মহানগৰীৰ কাহিলিপাৰাৰ দক্ষিণগাঁৱৰ এগৰাকী যুৱতী প্রতাৰণাৰ বলি হৈছে৷ হাইলাকান্দিৰ এজন যুৱকে পৰিয়ালৰ সন্মতিসাপেক্ষে যুৱতীগৰাকীক বিয়াৰ প্রস্তাৱ দিয়ে যদিও পৰৱর্তী সময়ত যুৱতীৰ পৰিয়ালৰ পৰা ১০ লাখ টকা যৌতুক বিচাৰে৷ তদুপৰি যুৱতীগৰাকী বিয়াৰ বাবে চৰকাৰী চাকৰিয়াল হ’ব লাগিব বুলি চর্ত বান্ধি দিয়া বুলি ভুক্তভোগী যুৱতীগৰাকীয়ে অভিযোগ কৰে৷

যুৱতীগৰাকীৰ ভাষ্য অনুসৰি তেওঁ মহানগৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কর্মচাৰী হিচাপে কর্মৰত৷ ছ’চিয়েল মিডিয়াত ফেচবুকত চিনাকি হোৱাৰ পিছত দুয়োৰে মাজত আত্মিক সম্পর্ক গঢ়ি উঠাত হাইলাকান্দিৰ তাৰিক আজিজ লস্কৰ নামৰ যুৱকজনে যুৱতীগৰাকীক বিয়াৰ প্রস্তাৱ দিয়ে৷ পিছত যুৱকজনৰ পৰিয়ালৰ লোকে দিছপুৰ লজত যুৱতীগৰাকীক সাক্ষাৎ কৰে৷ একে সময়তে পৰিয়ালৰ লোকৰ অনুপস্থিতিত যুৱকজনে যুৱতীগৰাকীক লজৰ ভিতৰতে নিশা আতিশয্য চলায়৷

যুৱতীগৰাকীয়ে চিঞৰ–বাখৰ কৰাত লজৰ কর্মচাৰীয়ে ৰক্ষা কৰা বুলি উল্লেখ কৰে৷ যুৱতীগৰাকীৰ পিতৃয়ে কন্যাৰ বিয়াৰ বাবে ২০ লাখ টকাৰ ঋণ লয়৷ ঘটনা সন্দর্ভত ভুক্তভোগী যুৱতীগৰাকীয়ে ভগদত্তপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

You might also like